নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীলৈ গৌৰৱ কঢ়িয়ালে মহচিনে

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ ফলাফলত খণ্ড উন্নয়ন বিষয়া চমুকৈ বিডিঅ’ হিচাপে তৃতীয় স্থান লাভ কৰিছে মৰিগাঁও জিলাৰ নৈকাষৰীয়া অঞ্চল মৈৰাবাৰীৰ মহচিন ছিদ্দিকে। মৈৰাবাৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক আবু বাক্কাৰ ছিদ্দিক আৰু ময়না চুলতানা আহমেদৰ দ্বিতীয় পুত্ৰ সন্তান মহচিন ছিদ্দিকে জামিয়া ইছলামীয়া দাৰুল উলুম মৈৰাবাৰী মাদ্ৰাছাৰ পৰা আৰবী  শিক্ষাৰে শিক্ষিত হিফজ আৰ্থাৎ ‘হাফিজ’ হৈ মৈৰাবাৰী ৰিফিউজী প্ৰাথমিক বিদ্যালয়ত আৰু মৈৰাবাৰী আজান-শংকৰ বিদ্যাপীঠৰ পৰা ২০১২ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হৈছিল । মৈৰাবাৰী মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ পৰা কলা শাখাতো ষ্টাৰ নম্বৰ আহৰণেৰে নিজৰ বিজয়ধ্বজা অক্ষুণ্ণ ৰাখিছিল মহচিনে।উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহচিন ছিদ্দিকে অসম লোকসেৱা আয়োগৰ শেহতীয়া পৰীক্ষাৰ ফলাফলৰ পূৰ্বে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা চমুকৈ নেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ।বিভিন্ন অপৰাধ কাৰ্যৰ বাবে প্ৰায়েই সংবাদ শিৰোনাম দখল কৰা মৈৰাবাৰীবাসীৰ বাবে মহচিনে নিশ্চয়কৈ ভাল ফল কঢ়িয়াই আনিছে বুলি সততে আলোচিত হৈছে।

 

প্ৰেৰক তাৰিকুল ইছলাম

You might also like