নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত বিলাসীপাৰাৰ তিনিগৰাকী মেধাৱীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হোৱাত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। প্ৰাপ্ত বাতৰি মতে ,অসম আৰক্ষী সেৱাত ৪৪সংখ্যক স্থানেৰে উজলিল বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত উদমাৰী গাঁৱৰ জ্যোতিৰূপা নাথ । প্ৰথমবাৰৰ বাবে এ পি এছ চিত সফলতা লাভ কৰাত গাঁওখনত আনন্দৰ জোৱাৰ উঠিছে। তেওঁ লক্ষ্মীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পিছত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতক আৰু স্নাতকত্তোৰ উত্তীৰ্ণ হয় কটন কলেজৰ পৰা । বৰ্তমান গুৱাহাটী আইআইটিৰ কেন্দ্ৰীয় বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল জ্যোতিৰূপাই । স্নাতকোত্তৰৰ পিছত SLET আৰু BEdত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল জ্যোতিৰূপাই । সফলতা লাভ কৰিবলৈ হলে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে বুলি জ্যোতিৰূপাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো নিযুক্তি পৰ্ব স্বচ্ছ আৰু নিকা কৰা বাবে মোৰ ছোৱালীয়ে যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হৈছে ।-জ্যোতিৰূপাৰ পিতৃ জয়ন্ত কুমাৰ নাথে এইদৰে মত প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে জ্যোতিৰূপাৰ পিতৃ লক্ষ্মীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কেৰাণী আৰু মাতৃ হিমানী দেৱী গৃহিণী। এপিএছচিত কেনেদৰে সফলতা পাব পাৰি সকলো বিৱৰি ক’লে জ্যোতিৰূপাই । তেনেদৰে, বিলাসীপাৰা পৌৰসভাৰ তিনি নম্বৰ ৱাৰ্ডৰ বাসিন্দা গড়কাপ্তানী বিভাগৰ কৰ্মচাৰী গোলাপ শইকীয়া আৰু উপমা মেধি শইকীয়াৰ পুত্ৰ হীৰকজ্যোতি শইকীয়াই এচিএছৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। হীৰকজ্যোতিয়ে বিলাসীপাৰা টাউন জেবি প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পিছত বিলাসীপাৰাৰ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উক্তীৰ্ণ হৈছিল আৰু পিছলৈ পশ্চিমবংগৰ শিলিগুৰিৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১৭ তম স্হান লাভ কৰি উক্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। একেদৰে, বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম চহৰৰ পাঁচ নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা ৰাজহ বিভাগৰ লাট মণ্ডল নিমাই চন্দ্ৰ দাস আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পুতুল দাসৰ পুত্ৰ নিলাংকৰ দাসে এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নিলাংকৰে সাপটগ্ৰাম ছানছাইন ইংলিছ মিডিয়াম স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উক্তীৰ্ণ হৈ গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উক্তীৰ্ণ হৈছিল আৰু পিছলৈ কাৰিকৰী বিভাগত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ অভিযন্তাৰ চাকৰি বাদ দি এপিএচছি পৰীক্ষাত অৱতীৰ্ণ হৈ এইবাৰ সুখ্যাতিৰে ৫৯ তম স্হান দখলেৰে উত্তীৰ্ণ হৈছে। তেওঁৰ সাফল্যৰ খবৰ বিয়পি পৰাত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা