বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : গুজৰাটত শোকাৱহ নাও দুর্ঘটনাত ১২ শিক্ষার্থীসহ ১৪গৰাকী লোকৰ মৃত্যু হৈছে। বনভোজলৈ যোৱা স্কুলীয়া শিক্ষার্থীসকলৰ নাও দুর্ঘটনাত পতিত হয় বৰোদাৰ হার্নি হ্রদত৷ লক্ষণীয়ভাৱে কোনো শিক্ষার্থীৰে শৰীৰত নাছিল লাইফ জেকেট৷ নাও ডুবি সলিল সমাধি ঘটা লোকসকলৰ মাজত দুগৰাকী শিক্ষকো আছে৷ ইতিমধ্যে ৬জন শিক্ষার্থীৰ মৃতদেহ উদ্ধাৰ কৰিছে দুর্যোগ ব্যৱস্থাপনা বাহিনীয়ে৷ এই ঘটনাত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে৷ শিক্ষার্থীসকলে বৰোদাৰ বেচৰকাৰী বিদ্যালয় ‘নিউ ছানৰাইজ’ত অধ্যয়ন কৰিছিল৷ স্কুলৰ তৰফৰ পৰা বনভোজলৈ লৈ যোৱা হৈছিল শিক্ষার্থীসকলক৷ দুর্ঘটনাৰ সময়ত নাওখনত শিক্ষক–ছাত্রসহ মুঠ ২৭গৰাকী লোক আছিল৷ স্থানীয় লোকসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ পিছত দুর্যোগ ব্যৱস্থাপনা বাহিনীক এই কামত মোতায়েন কৰা হয়৷