এখন আপুৰুগীয়া গ্রন্থ
সদ্যসমাপ্ত গুৱাহাটী গ্রন্থমেলাত সহস্রাধিক গ্রন্থ প্রকাশ পোৱাৰ লগতে কেইবাশ গ্রন্থ উন্মোচন কৰা হৈছিল৷ এই সকলোবোৰ গ্রন্থ কিমান মূল্যৱান অথবা সেইবোৰৰ সাহিত্যিক মূল্য নির্ধাৰণ কৰা সম্ভৱ নহয় যদিও কিছুসংখ্যক গ্রন্থৰ প্রয়োজনীয়তা নিশ্চয় আছে৷ কেৱল গ্রন্থমেলাতে নহয়, বছৰটোৰ প্রায় প্রতিটো মাহতে অসংখ্য কিতাপ প্রকাশ পাই আহিছে৷ কিন্তু ইয়াৰ মাজৰে বহু আপুৰুগীয়া আৰু সমাজৰ বাবে প্রয়োজনীয় গ্রন্থ প্রচাৰৰ আঁৰত থাকি যায়৷ তেনে এখন আপুৰুগীয়া গ্রন্থ হৈছে ‘সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত সমলসমূহ আৰু কিছু কথা’ শীর্ষক গ্রন্থখন৷ বিশিষ্ট লেখক মৃগেন কলিতাই অশেষ পৰিশ্রমেৰে লিখি উলিওৱা গ্রন্থখন প্রকাশ কৰিছে শতবর্ষ অতিক্রম কৰা তেজপুৰৰ অসমীয়া ক্লাবে৷ অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা, হৰিবিলাস আগৰৱালা, ভৱানীচৰণ ভট্টাচার্য, বেথাৰাম শর্মা আদি ব্যক্তিসকলৰ প্রচেষ্টাত ১৯১৫ চনত এই ঐতিহ্যমণ্ডিত ক্লাবটো প্রতিষ্ঠা হৈছিল৷ সেই সময়ৰ পৰা আজিপর্যন্ত সাহিত্য, সংগীত, কলা, ক্রীড়া আদি বিভিন্ন সামাজিক কাম–কাজত দিশ নির্ণায়কৰ ভূমিকা গ্রহণ কৰি অহা তেজপুৰৰ অসমীয়া ক্লাবে আয়োজন কৰা গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্রদর্শনৰ আঁত ধৰি এই গ্রন্থখনৰ লেখকগৰাকীয়ে প্রকাশৰ মুখ দেখিবলৈ সক্ষম হৈছে৷ অসম সাহিত্য সভাৰ বর্তমানৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ ব্যক্তিগত পুথিভঁৰালত এই গ্রন্থখন পঢ়াৰ সুযোগ পাইছিলোঁ৷ তেওঁৰ পুথিভঁৰালত থকা অজস্র আপুৰুগীয়া গ্রন্থৰ মাজত এই গ্রন্থখনো অতিশয় গুৰুত্বপূর্ণ আৰু পঢ়ুৱৈ সমাজৰ বাবে নিশ্চিতভাৱে প্রয়োজনীয়৷ গ্রন্থখনৰ আৰম্ভণিতে সাহিত্য কাণ্ডাৰীগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্রদর্শনীখনত প্রদর্শিত সমলসমূহৰ চমু পৰিচয়ৰ লগতে আলোকচিত্রসমূহ প্রকাশ কৰা হৈছে৷ মন কৰিবলগীয়া যে পদ্মনাথ গোহাঞিবৰুৱাই নিজৰ সাহিত্যকর্মৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ কিন্তু তেওঁৰ দ্বাৰা সৃষ্ট সাহিত্যৰাজিৰ সৈতে সাহিত্যৰ ছাত্র–ছাত্রী আৰু সাহিত্যানুৰাগীৰ বাহিৰে নতুন প্রজন্ম বিশেষ পৰিচিত যেন নালাগে৷
গ্রন্থখনত সন্নিৱিষ্ট বিভিন্ন বিষয়ে নিশ্চিতভাৱে নতুন চাম পঢ়ুৱৈকো তেওঁৰ সাহিত্য আৰু অন্যান্য কাম–কাজৰ প্রতি আকর্ষিত কৰি তুলিব৷ গ্রন্থখনত গোহাঞিবৰুৱাৰ ৰচনাৱলীৰ সবিশেষ, আত্মজীৱনী ‘মোৰ সোঁৱৰণী’, দিনলিপিসমূহ, নাটকৰ পাণ্ডুলিপি, কচৰৎ শিক্ষাৰ পুথি ‘দেশী কচৰৎ’, গোহাঞিবৰুৱাৰ গ্রন্থসমূহৰ তালিকা, সাহিত্যকাণ্ডাৰী বিৰচিত চাৰিটা গীত, সাহিত্যকাণ্ডাৰীৰ তিনিখন কবিতা পুথিৰ কেইটামান নির্বাচিত কবিতা, গোহাঞিবৰুৱাৰ নাটকৰ নির্বাচিত সংলাপ আদি গ্রন্থখনত লেখকে সুন্দৰভাৱে সন্নিৱিষ্ট কৰিছে৷ কেৱল ইমানেই নহয়, সাহিত্যিকগৰাকীয়ে পোৱা পদক, বঁটা, সন্মান, দায়িত্ব আদিৰ লগতে সংশ্লিষ্ট পত্রসমূহেও স্থান পাইছে এই গ্রন্থখনত৷ এই সমলসমূহৰ ভিতৰত অসম সাহিত্য সভাৰ সম্বর্ধনা–পত্র, এই পত্রখন থোৱা বাকচটো, ‘ৰায় চাহাব’ পদক, ‘ৰায় বাহাদুৰ’ পদক, ৰায় বাহাদুৰ উপাধিৰ চনদ, ৰ’য়েল ছ’চাইটীৰ সদস্য পদৰ প্রমাণ–পত্র, লণ্ডনৰ ‘ছ’চাইটী অৱ আর্টছ’ৰ সম্পাদকৰ পত্র, কলিকতা বিশ্ববিদ্যালয়ে প্রশ্ণকর্তাৰ দায়িত্ব অর্পণ কৰা চিঠি আদি অন্যতম৷ গ্রন্থখনত সন্নিৱেষ ঘটোৱা হৈছে বিভিন্ন ব্যক্তি, অনুষ্ঠান আদিয়ে সাহিত্য কাণ্ডাৰীলৈ লিখা চিঠি–পত্র, বিশেষকৈ বুৰঞ্জীবিদ বেণুধৰ শর্মাৰ চিঠি, সাহিত্যিক হিতেশ্বৰ বৰবৰুৱাৰ চিঠি, ই ই জোনছৰ চিঠি, অসম বন্তিৰ ‘মেনেজিং প্র’পাইটৰ’লৈ লিখা চিঠি, পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম শতবার্ষিকী সমিতিৰ চিঠি আদি৷ তদুপৰি গোহাঞিবৰুৱাই ব্যৱহাৰ কৰা লেখা, সাজ–পোছাক, কাপোৰ, বাচন–বর্তন, ঘৰুৱা আহিলা যেনে– তেওঁৰ কলমটো, চাহাবী টুপী, দীঘল কোট, বেতৰ লাখুটি, হাতীদাঁতৰ নাল লগোৱা লাখুটি, এৰী চাদৰ, বানকাঁহী, কাঁহৰ থাল, ঘটি, গিলাচ, কাঁহৰ তাল, টিনৰ বাকচ, বিচনী, কাঠৰ চকী আদিও সচিত্র ৰূপত প্রকাশ পাইছে৷ সাহিত্যৰথীগৰাকীৰ ডেকা বয়সৰ আলোকচিত্র, কবিতা আৰু হস্তাক্ষৰ আদিৰ লগতে তেওঁৰ স্মৃতি বিজড়িত অজস্র বস্তু আৰু প্রতিষ্ঠানৰ দুর্লভ ফটো গ্রন্থখনত সংযুক্ত হোৱাটো বিশেষভাৱে উল্লেখযোগ্য৷ সাহিত্য কাণ্ডাৰীগৰাকীৰ জীৱনৰ সৈতে সম্পর্কিত বিভিন্ন সমল তেওঁৰ পৰিয়াল তথা আত্মীয়সকলে আজিও সংৰক্ষণ কৰি ৰাখিছে৷ এই সমলসমূহ বিচাৰি আনি প্রদর্শনী কৰাৰ উপৰি সেইবোৰ সঠিক ৰূপত গ্রন্থখনত সন্নিৱিষ্ট কৰোঁতে লেখক কলিতাই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে৷ উল্লেখ্য যে ২০২১ চনৰ ১৫ আৰু ১৬ ডিচেম্বৰত অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতিগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান তেওঁৰ প্রধান কর্মস্থলী তথা ইতিহাসপ্রসিদ্ধ তেজপুৰ চহৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰা হৈছিল৷ সেই সামৰণী অনুষ্ঠানতে প্রদর্শিত হৈছিল তেওঁৰ জীৱনৰ সৈতে সম্পর্কিত বিভিন্ন সমলৰ লগতে সাহিত্যকর্মৰ কিয়দংশ৷ এই প্রদর্শনীত প্রদর্শিত সমলসমূহ, অসমীয়া ক্লাব, তেজপুৰৰ বিষয়ববীয়াসকলে গোহাঞিবৰুৱাৰ বিষয়ে এই মূল্যৱান গ্রন্থখন প্রকাশ কৰি উলিয়াইছে৷ গ্রন্থখনৰ প্রকাশক অসমীয়া ক্লাব, তেজপুৰৰ সম্পাদক অণু দেৱী মহন্তই প্রকাশকৰ কলমত লিখা অনুসৰি ক্লাবটোৰ তৰফৰ পৰা ইতিমধ্যে ‘শোণিত সুবাস’ শীর্ষক এলানি পুস্তিকাৰে তেজপুৰ তথা শোণিতপুৰৰ পুৰোধা ব্যক্তিসকলৰ চমু পৰিচয় প্রকাশ কৰি নৱপ্রজন্মক তেওঁলোকৰ ব্যক্তিত্বৰ সৈতে পৰিচয় কৰাই দিছে৷ তেওঁলোকৰ শেহতীয়া গ্রন্থখনৰ বাবে ক্লাবৰ কর্মকর্তাসকলৰ লগতে লেখক মৃগেন কলিতা প্রশংসা আৰু ধন্যবাদৰ যোগ্য৷