🔹 প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰৰ বাবে মনোনীত
🔹 ২২ জানুৱাৰীত ৰাষ্ট্রপতিয়ে প্রদান কৰিব পুৰস্কাৰ
🔹 ১০ বছৰ বয়সৰ পৰা বন্যপ্রাণী সংৰক্ষক হিচাপে কাম কৰি আহিছে স্বয়মে
ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জানুৱাৰী : প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰেৰে সন্মানিত হ’ল অসমৰ যুৱক স্বয়ম মজুমদাৰ৷ কামৰূপ জিলাৰ এইজন কিশোৰে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্রত কৰি অহা কামৰ বাবে ৰাষ্ট্রীয় পর্যায়ত লাভ কৰিলে স্বীকৃতি৷ উল্লেখ্য যে অহা ২২ জানুৱাৰীত দেশৰ ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰ প্রদান কৰিব৷ এইবাৰ এই সন্মানৰ বাবে মনোনীত হৈছে ১৮খন ৰাজ্যৰ ৯গৰাকী ল’ৰা আৰু ১০গৰাকী ছোৱালী৷ ২২ জানুৱাৰীত এই বঁটা প্রদানৰ পিছতে ২৩ জানুৱাৰীত বঁটা বিজয়ীসকলৰ সৈতে প্রধানমন্ত্রীয়ে বার্তালাপ কৰিব৷ কামৰূপ জিলাৰ কিশোৰ স্বয়ম মজুমদাৰে লাভ কৰা এই সন্মানে স্বাভাৱিকতে জিলাখনৰ লগতে ৰাজ্যখনলৈও উৎসাহৰ বতৰা কঢ়িয়াই আনিছে৷ ১০ বছৰ বয়সতে বন্যপ্রাণী সংৰক্ষণৰ কামত অগ্রসৰ হোৱা স্বয়মে অৰণ্যৰ পৰা ওলাই আহি পথভ্রষ্ট হোৱা জীৱ–জন্তুক ৰক্ষা কৰাই নহয়, যত্নসহকাৰে এই বন্যজন্তুসকলক পূর্বৰ স্থানলৈ ওভতাই পঠিয়াবলৈ সক্ষম হৈছিল৷ বিশেষকৈ সাপ উদ্ধাৰকাৰী হিচাপে দেশৰ ভিতৰতে কনিষ্ঠ উদ্ধাৰকাৰী হিচাপে স্বীকৃতি লাভ কৰা স্বয়মে ১২ বছৰ বয়সতে পথভ্রষ্ট হোৱা সাপসমূহ ৰক্ষা কৰিছিল আৰু এই সৰীসৃপক অনিষ্ট নকৰাৰ বাবে সচেতনতাৰ সৃষ্টি কৰিছিল৷ বিশেষকৈ পৰিপার্শ্বিক দিশত সাপৰ প্রয়োজনীয়তা সন্দর্ভত স্বয়মে সামাজিক দিশত বিশেষ সচেতনতা আনিছিল৷ আনকি তেওঁৰ সফলতাত ইণ্ডিয়া বুকছ অৱ ৰেকর্ডছ এণ্ড ইণ্টেলিজেঞ্চ ছার্ম ৱর্ল্ড ৰেকর্ডছৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছে৷ উল্লেখ্য যে চলিত বর্ষৰ প্রধানমন্ত্রীৰ ৰাষ্ট্রীয় বাল পুৰস্কাৰ লাভ কৰাসকলৰ ভিতৰত সাতগৰাকীয়ে কলা–সংস্কৃতিৰ ওপৰত, এগৰাকীয়ে সাহসিকতাৰ ওপৰত, এগৰাকীয়ে উদ্ভাৱনাৰ ওপৰত, বিজ্ঞান আৰু প্রযুক্তিৰ ওপৰত এগৰাকীয়ে, সমাজসেৱাৰ ওপৰত চাৰিগৰাকীয়ে আৰু ক্রীড়াৰ ক্ষেত্রত পাঁচগৰাকীয়ে এই সন্মান বুটলিবলৈ সক্ষম হৈছে৷