🔹 ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানলৈ সঁহাৰি
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টী আৰু অসম ৰাজ্যিক মেডিকেল চেলে স্বচ্ছ তীর্থ অভিযান চলায়। গুৱাহাটী মহানগৰীৰ ৰাজগড় ৰাজহুৱা দুৰ্গা মন্দিৰ প্ৰাংগণত (বিহুতলী) স্বচ্ছ তীর্থ অভিযান চলোৱা হয়। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্রতিষ্ঠা উপলক্ষে এই স্বচ্ছ তীর্থ অভিযান চলায় ভাৰতীয় জনতা পার্টীয়ে। এই অভিযানত উপস্থিত থাকে ভাৰতীয় জনতা পার্টীৰ কৰ্মকৰ্তাসকল। ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেশখনৰ নামঘৰ, মঠ-মন্দিৰসমূহত স্বচ্ছ তীর্থ অভিযান চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী মহানগৰীৰ ৰাজগড় ৰাজহুৱা দুৰ্গা মন্দিৰ প্ৰাংগণত (বিহুতলী) স্বচ্ছ তীর্থ অভিযান চলায় ভাৰতীয় জনতা পার্টীৰ কৰ্মকৰ্তা আৰু অসম ৰাজ্যিক মেডিকেল চেলে। এই স্বচ্ছ তীর্থ অভিযানত জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হয় ৰাজগড় ৰাজহুৱা দুৰ্গা মন্দিৰ প্ৰাংগণ।