নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মাজতে কংগ্ৰেছ বিধায়কক লেই লেই ছেই ছেই

🔹 ভৰত নৰহৰ বিৰুদ্ধে লালুকত জিলা আমছুৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মাজতে এগৰাকী কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে লখিমপুৰৰ লালুকত জিলা আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাওবৈচা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জিলা আমছুৱে। নাওবৈচা বিধানসভা সমষ্টিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ শ শ সদস্যই ৷ লালুক গণ ভৱনৰ পৰা উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদকাৰীসকলে নাওবৈচা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী তোলে। তদুপৰি অকৰ্মণ্য বিধায়ক ভৰত নৰহ গ’ বেক, আমাৰ বাট-পথ উন্নয়ন হ’ব লাগিব, ভৰত নৰহ লেই লেই ছেই ছেই শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ ইফালে, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মাজতে এগৰাকী কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে লখিমপুৰত ।

প্ৰেৰক সঞ্জীৱ দত্ত

You might also like