নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী : সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত কৰ্মৰত এন পি এছ আঁচনিৰ অন্তৰ্গত বিভিন্ন শিক্ষক-কৰ্মচাৰীয়ে ন্যায্য প্ৰাপ্যৰ দাবীত কৰ্মবিৰতি পালন কৰে ৷ উল্লেখযোগ্য যে বিগত কিছু বছৰ ধৰি সমগ্ৰ অসমতে এন পি এছ আচঁনিৰ অধীনত বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰীসকলে পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ অনুৰূপ ধৰণে আজি এই প্ৰতিবাদৰ অংশ হিচাপে সদৌ অসম এন পি এছ কৰ্মচাৰী সংস্থাৰ আহবান মৰ্মে ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত বৰভিঠা আঞ্চলিক হাইস্কুলৰ এন পি এছভোগী শিক্ষক-কৰ্মচাৰীসকলে পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীত কৰ্মবিৰতি পালন কৰে ৷ এনে প্ৰতিবাদত অন্তৰ্ভুক্ত শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্মক্ষেত্ৰত উপস্থিত থাকি সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকল আশাবাদী যে বৰ্তমানৰ চৰকাৰে অতি সোনকালেই তেওঁলোকৰ ন্যায্য দাবীৰ প্ৰতি সন্মতি জনাই পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিব ৷
প্ৰেৰক বিশ্বজিৎ কলিতা