বিশেষ বাৰ্তা, ২০ জানুৱাৰী : কাইলৈ নগাঁৱত ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কাইলৈ অৰ্থাৎ ২১ জানুৱাৰীত দুপৰীয়া ১ বজাত কলিয়াবৰ গান্ধী প্ৰকল্পত ৰাহুল গান্ধীয়ে এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিয়লি আমবাগান হৈ ৰূপহীহাটত গৈ নৈশ যাপন কৰিব। ২২ জানুৱাৰীৰ পুৱা ৯ বজাত ৰূপহীহাটৰ পৰা গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱা থানত উপস্থিত হৈ ৰাহুল গান্ধীয়ে দুপৰীয়া হয়বৰগাঁৱৰ পৰা বাৰপূজীয়ালৈ এক বিশাল পদযাত্ৰা কৰিব। ৰাহুল গান্ধীৰ নগাঁও আগমনক লৈ নগাঁও জিলা কংগ্ৰেছে তৎপৰতা অব্যাহত ৰাখিছে।
প্ৰেৰক কনক হাজৰিকা