নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বিশুদ্ধ খোৱাপানী নে বৰবিহ ? শংকিত জনসাধাৰণ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : বিশুদ্ধ খোৱাপানী নে বৰবিহ! জনজীৱনৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো উত্থাপিত হৈছে ধুবুৰীত। দৰাচলতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটীস্থ ৰাজ্যিক ৰেফাৰেল পৰীক্ষাগাৰ (State Referral Labortory) চমুকৈ এছআৰএলত ধুবুৰী পৌৰসভা এলেকাৰ এটা ঠাইৰ ভূগৰ্ভৰ পানীত মাত্ৰাধিক হাৰত আৰ্ছেনিক থকাৰ বিষয়টো উন্মোচিত হোৱাৰ পিছত উচ্চাৰিত হৈছে এই প্ৰশ্নটো। জানিব পৰা মতে, বিগত ৫ জানুৱাৰীৰ দিনা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলে গুৱাহাটীৰ এছআৰএললৈ প্ৰেৰণ কৰিছিল পানীৰ এক নমুনা। ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ চিলড্ৰেন পাৰ্কৰ একাষে থকা পৌৰসভাৰ পানী পৰিশোধন তথা পানী যোগান কেন্দ্ৰটোৰ পৰা বিভাগটোৱে সংগ্ৰহ কৰিছিল পানীৰ সেই নমুনা। উল্লেখ্য যে চিলড্ৰেন পাৰ্কৰ পানী যোগান কেন্দ্ৰটোৰে চহৰখনৰ ১ আৰু ২নং ৱাৰ্ডৰ কেইবাশ পৰিয়ালক পানী যোগান ধৰি আহিছে পৌৰসভাই। প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী পৌৰসভাৰ সেই বিশুদ্ধ খোৱাপানী বিতৰণ কেন্দ্ৰটোৰ পানীৰ নমুনাৰ এছআৰএলত কৰা পৰীক্ষাত অশোধিত (raw) পানীৰ প্ৰতি লিটাৰত ০.৫০০ মিলিগ্ৰাম আৰ্ছেনিক থকাৰ বিপৰীতে ফিল্টাৰযুক্ত পানীৰ প্ৰতি লিটাৰত ০.৪৭২ মিলিগ্ৰাম আৰ্ছেনিক থকা বুলি পোৱা গৈছে। ইয়াতে উল্লেখনীয় যে ভাৰতীয় মান অনুসৰি খোৱাপানীত আৰ্ছেনিকৰ সীমা হ’ল প্ৰতি লিটাৰত ০.০১ মিলিগ্ৰাম। ফলত স্বাভাৱিকভাৱেই এতিয়া পৌৰসভাৰ চিলড্ৰেন পাৰ্কৰ খোৱাপানী বিতৰণ কেন্দ্ৰটোৰ পানীত মাত্ৰাধিক পৰিমাণৰ আৰ্ছেনিক পোৱা ঘটনাই উত্থাপন কৰিছে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰশ্ন উত্থাপিত হৈছে- সমগ্ৰ ধুবুৰী পৌৰসভা এলেকাৰ ভূগৰ্ভৰ পানীত মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰ্ছেনিক আছে নেকি আৰু সেয়া সঁচা হ’লে ধুবুৰী পৌৰসভা এলেকাত থকা একাংশ স্থানীয় ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বটল/ড্ৰামৰ পানীকে ধৰি চহৰখনৰ বিভিন্নজনৰ গৃহত থকা পানীৰ পাম্প অথবা দমকলৰ পানী কিমান বিশুদ্ধ, সেই প্ৰশ্নও কৰিছে বহু সচেতন লোকে। কিন্তু তাৎপৰ্য্যপূৰ্ণ বিষয়টো হ’ল- জনজীৱনৰ সৈতে জড়িত এই বিষয়টোক লৈ জিলা প্ৰশাসনকে ধৰি ধুবুৰী পৌৰসভাই ৰাইজৰ মাজত সজাগতা অনাৰ পদক্ষেপ লোৱাৰ বিপৰীতে ৰহস্যজনক মৌনতা অৱলম্বন কৰাহে পৰিলক্ষিত হৈছে। আনকি বিষয়টোক লৈ স্থানীয় সংবাদ মাধ্যমকো এৰাই চলা দেখা গৈছে ধুবুৰীৰ সংশ্লিষ্ট চৰকাৰী বিভাগটোৱে। উল্লেখ্য যে আৰ্ছেনিক এটা মৌলিক পদার্থ। ৰসায়ন বিজ্ঞানত এইবিধ পদাৰ্থৰ প্রতীক হ’ল As আৰু পাৰমাণৱিক সংখ্যা হ’ল ৩৩। মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি চিহ্নিত আৰ্ছেনিকযুক্ত পানী দীৰ্ঘদিন ধৰি খালে বিভিন্ন ধৰণৰ বেমাৰকে ধৰি আনকি বিশেষ কেইবিধমান কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা থাকে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like