নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত NEETৰ দুদিনীয়া শিশুমেলা-গ্ৰন্থমেলা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : নৰ্থ ইষ্ট এডুকেচনেল ট্ৰাষ্টৰ (NEET) উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেড আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড অসম (PCBA)ৰ সহযোগত ২০ আৰু ২১ জানুৱাৰীত শোণিতপুৰৰ লখৰাত দুদিনীয়াকৈ শিশুমেলা আৰু গ্ৰন্থমেলাৰ আয়োজন কৰে। এই শিশু মহোৎসৱত কৰ্মশালা, প্ৰতিযোগিতা, বাটৰ নাট প্ৰদৰ্শন, কবিতা আবৃত্তি, ৰীদ এলাউদ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উৎসৱৰ পূৰ্বে ১৮ জানুৱাৰীত বালিপাৰা ব্লকৰ তিনিখন বিদ্যালয়ত এক সজাগতামূলক বক্তৃতা অনুষ্ঠিত হয়, য’ত ‘পিচিবিএ’ৰ পৰা কুলধিপতি নাথে NEETৰ লগ হৈ “প্ৰদূষণ প্ৰতিৰোধ” শীৰ্ষক এক জ্ঞানগৰ্ভ বক্তৃতা প্ৰদান কৰে। আলোচনাৰ মূল্য লক্ষ্য আছিল নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূৰ্বৰ চাৰিদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়), ননকে বাকোলা উচ্চ মাধ্যমিক বিদ্যালয় আৰু চেঙেলী মৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশমূলক বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান প্ৰদান আৰু সজাগতা সৃষ্টি কৰা। অনুষ্ঠানৰ ২০ জানুৱাৰীj দিনা শিশুৰ সৃষ্টিশীলতা বৃদ্ধিৰ বাবে NEETৰ তৰফৰ পৰা স্নেহংকৰ আৰু প্ৰাৰ্থনা দাসে গল্প কোৱা আৰু কবিতা আবৃত্তিৰ সফল কৰ্মশালা পৰিচালনা কৰে। অংকন, পোষ্টাৰ নিৰ্মাণ আৰু গল্প লিখা প্ৰতিযোগিতাত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জড়িত কৰা হৈছিল। একে সময়তে লোক্ৰা অঞ্চলৰ দুটাকৈ বনভোজস্থলী ক্ৰমে নামেৰীৰ ১২ মাইল আৰু লখৰাৰ বগৰীবাৰীত স্থানীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰদূষণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় । আয়োজকে জনোৱা অনুসৰি, কৰ্মশালাত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ শিশু সামৰি সৰ্বমুঠ ১৫৩গৰাকী কণ কণ শিশুৱে অংশগ্ৰহণ কৰে । ইয়াৰে চিত্ৰাংকনত ৮৭গৰাকী, প’ষ্টাৰ মেকিঙত ৪৯গৰাকী, সাধু লিখা প্ৰতিযোগিতাত ১৭গৰাকীয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, অনুষ্ঠানৰ অন্তিম দিনা অৰ্থাৎ ২১ জানুৱাৰীত লখৰাৰ দুৰ্গামল্ল চ’কস্থিত মুকলি মঞ্চত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা । সভাৰ বালিপৰা ব্লকৰ ২৫০জনতকৈ অধিক শিশুৱে নাটক, নৃত্য, আৰু ৰিড এলাউদৰ ওপৰত মাহজোৰা শীতকালীন কৰ্মশালাৰ পৰা শিকি অহাখিনি চাৰিশতকৈ অধিক দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰে। মধুসূদন দাস, ড° ইন্দ্ৰাণী দত্ত, ৰবি শংকৰ, পৰেশ মালাকাৰ, ড° অৰূপ মিশ্ৰ (পিচিবিএৰ অধ্যক্ষ) আৰু ব্লক প্ৰাথমিক শিক্ষা বিষয়া (বিইইঅ’) মনীষ ঠাকুৰেকে ধৰি বিশিষ্ট বক্তাসকলে বহুমূলীয়া বক্তৃতা প্ৰদান কৰে। সাংস্কৃতিক অনুষ্ঠানত লোকৰা, চাৰিদুৱাৰ, সোণাই নেপালী, সোণাইডফলা আৰু সোণাইমিৰিৰ পাঁচখন গাঁৱৰ গাঁওবুঢ়া আৰু স্থানীয় চৰকাৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে প্ৰতিযোগিতাসমূহৰ বিজয়ীসকলক সন্মানীয় বক্তাসকলে বঁটাসমূহো বিতৰণ কৰে । তদুপৰি, NEET-এ অনুষ্ঠানৰ লগত সংগতি ৰাখি তেওঁলোকৰ প্ৰথম ত্ৰিমাসিক বাতৰি কাকত “বাৰ্তা পখিলী” মুকলি কৰি শিক্ষা তথা সজাগতাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰে । অনুষ্ঠানৰ দুয়োটা দিনত ৰাইজ, ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু, অসম ৰাইফলচে বিশেষ সহযোগিতা আগবঢ়ায় ।

উল্লেখ্য যে নৰ্থ ইষ্ট এডুকেচনেল ট্ৰাষ্ট হৈছে শিক্ষাৰ ক্ষেত্ৰত বিকল্পৰ সন্ধানৰ বাবে ২০০৯ চনত প্ৰতিষ্ঠা হোৱা ৰাজহুৱা দাতব্য ট্ৰাষ্ট হিচাপে পঞ্জীয়নভুক্ত এন জি অ’। এই ট্ৰাষ্টৰ মূল উদ্দেশ্য হৈছে শিক্ষণ আৰু পাঠদানৰ উদ্ভাৱনী পদ্ধতি ব্যৱহাৰ কৰি শিশুৰ সমালোচনাত্মক চিন্তা আৰু সৃষ্টিশীলতা প্ৰকাশৰ ক্ষমতা বৃদ্ধি কৰা। এই লক্ষ্যত উপনীত হ’বলৈ NEET-এ প্ৰান্তীয় সম্প্ৰদায়ৰ শিশুসকলৰ বাবে শিক্ষকৰ সংযোগ কাৰ্যসূচী, চৰকাৰী বিদ্যালয়ত ভাষা শিক্ষণ কাৰ্যসূচী, NEET’s Community Library আৰু Early Childhood Care & Education Programme (ECCE) চলায়। অনুভৱ-NEET’s Learning Centre শোণিতপুৰ জিলাৰ লখৰাৰ সোণাইপাম গাঁৱত যোৱা বৰ্ষৰ ২৫ মাৰ্চত উদ্বোধন কৰা হয়।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like