নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামময় ধুবুৰী : ৰাম বন্দনাৰে মুখৰিত ধুবুৰীৰ বাট-পথ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আজিৰ দিনটোত ধুবুৰী কাৰ্যতঃ মিনি অযোধ্যাত পৰিণত হয়। প্ৰচণ্ড শীতকো নেওচি পুৱাৰ পৰা চহৰখনৰ ৰাজপথ ৰাম বন্দনাৰে মুখৰিত কৰি তোলে ৰাইজে। চহৰখনৰ পাঁচমোৰৰ পৰা উলিওৱা এক বৰ্ণাঢ্য সমদলত ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ বেশভূষাত অংশ লোৱা একাংশ কণ কণ শিশুৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সমদলটোত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিকৰ সাধাৰণ সম্পাদক দেৱাশীষ দত্ত, বিশিষ্ট সমাজসেৱক বিমল কুমাৰ ওছৱাল, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তিয়ে অংশ লয়। আনহাতে, অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি ধুবুৰীৰ ১নং ৱাৰ্ডস্থিত সন্তোষী মা মন্দিৰ, ৱাৰ্ডটোৰ ৰাম মন্দিৰ, ঐতিহ্যমণ্ডিত ধুবুৰী কালীবাৰীকে ধৰি ধুবুৰীৰ বিভিন্ন স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত আজি আয়োজিত হয় বিভিন্ন মাংগলিক কাৰ্য্যক্ৰম। উল্লেখ্য যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি কালিৰে পৰা ধুবুৰী চহৰত সৃষ্টি হয় এক  উৎসৱমুখৰ পৰিৱেশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like