নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় অযোধ্যাত পৰিণত শিৱসাগৰ

🔹 ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যাপক উছাহ

🔹 লাখ লাখ বন্তিৰ পোহৰত আলোকিত শিৱসাগৰ চহৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : বহু প্ৰত্যাশিত তথা বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা অযোধ্যাৰ ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ শিৱসাগৰতে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ কালি নিশাৰে পৰা আতচবাজীৰে শিৱসাগৰ জিলা মুখৰিত হৈ উঠাৰ পিছতেই আজি কাহিলি পুৱাৰে পৰা জয় শ্ৰীৰাম ধ্বনিৰে শিৱসাগৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰাৰ লগতে সন্ধিয়াৰ পৰা জ্বলি উঠা লাখ লাখ বন্তিৰে দ্বিতীয় অযোধ্যাত পৰিণত হয় শিৱসাগৰ চহৰ ৷ ইফালে, বহু প্ৰত্যাশিত তথা কোটি কোটি ভাৰতীয় সনাতন হিন্দুৰ আৱেগ-আস্থা-বিশ্বাস-ভক্তি নিহিত হৈ থকা ভগৱান শ্ৰী ৰামৰ সুদীৰ্ঘ প্ৰায় পাঁচশ বছৰৰ পিছত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ বাবে আজিৰ দিনটো ধাৰ্য হোৱাৰ পিছতেই সকলোৱে আশাৰে বাট চাই আছিল এই মাহেন্দ্ৰ ক্ষণটোলৈ ৷ অৱশেষত এই পৱিত্ৰ ক্ষণৰ সাক্ষী হ’বৰ বাবেই দেশৰ আন স্থানৰ লগতে শিৱসাগৰতো পুৱাৰে পৰা হাজাৰ হাজাৰ ৰামভক্তই হাতে হাতে গেৰুৱা নিচান লৈ জয় শ্ৰীৰাম ধ্বনিৰে ৰাজপথলৈ ওলাই আহে ৷ ইয়াৰ পিছতেই নগৰৰ থানামুখ হনুমান মন্দিৰৰ পৰা হাজাৰ হাজাৰ ৰামভক্তই হাতে হাতে ভগৱান শ্ৰীৰামৰ ফটো সম্বলিত নিচান লৈ এক বৃহত শোভাযাত্ৰা উলিয়ায় ৷ প্ৰায় দুঘন্টাজোৰা বিশাল শোভাযাত্ৰাৰে সমগ্ৰ চহৰৰ লগতে শিৱদৌল পৰিভ্ৰমণ কৰি নগৰৰ জি এন বি ৰোডত থকা বাবা ৰামদেৱ মন্দিৰত শোভাযাত্ৰাৰ অন্ত পেলায় ৷ এই মন্দিৰত ৰামলালাৰ ভক্তসকলে বিভিন্ন ধৰ্মীয় কাম-কাজ সম্পাদনা কৰাৰ পিছতেই মন্দিৰ চৌহদৰ পৰাই অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰি জয় শ্ৰীৰাম ধ্বনিৰে ভক্তিত গদগদ হৈ পৰে ৷ ইফালে, ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শিৱসাগৰ জিলাতো আজি সম্পূৰ্ণৰূপে দোকান-পোহাৰ, হাট-বজাৰ বন্ধ ৰাখে ৷ সমগ্ৰ শিৱসাগৰ জিলা লাখ লাখ বন্তিৰে উজলি উঠে ৷  একাংশ ভক্তিপ্ৰাণ ৰাইজে চহৰখনৰ মূল পথৰ দুয়োপাৰে হাজাৰ হাজাৰ মাটিৰ চাকিৰে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে ৷ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৱিত্ৰ দিনটোৰ সন্ধিয়াৰ পৰা বিৰতিহীনভাৱে জ্বলি উঠা ফটকা-আতচবাজীৰ শব্দ আৰু মঠ-মন্দিৰ, দৌল-দেৱালয়, নামঘৰ, ব্যক্তিগত গৃহৰ চৌপাশে জ্বলি উঠা লাখ লাখ বন্তিৰ আলোকেৰে এদিনৰ বাবে দ্বিতীয় অযোধ্যালৈ ৰূপান্তিৰত হয় সমগ্ৰ শিৱসাগৰ জিলা ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like