ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা
ভগৱান শ্রীৰামৰ ভক্তি বন্দনাত সমগ্র দেশ উদ্বেলিত হৈ থকাৰ সময়তে সোমবাৰে দুপৰীয়া অযোধ্যাৰ নৱনির্মিত ৰাম মন্দিৰত ৰামলালাৰ প্রাণ প্রতিষ্ঠা কৰা হয়৷ ৰাম মন্দিৰৰ উদ্বোধনৰ দিনটো অর্থাৎ ২০২৪ৰ ২২ জানুৱাৰীৰ দিনটো দেশৰ বুৰঞ্জীত ঐতিহাসিক দিন ৰূপে পৰিগণিত হ’ব৷ পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা–সংস্কৃতিৰ বুনিয়াদ গঢ়াৰ ক্ষেত্রত ভগৱান শ্রীকৃষ্ণ আৰু শ্রীৰামৰ ভূমিকা অনবদ্য৷ আমাৰ দেশৰ সভ্যতা–সংস্কৃতিৰ প্রতি দায়বদ্ধ প্রতিজন বিবেকৱান লোকৰ অন্তৰত শ্রীকৃষ্ণ আৰু শ্রীৰামক শ্রদ্ধাসহকাৰে জীয়াই ৰাখিছে৷ দেশৰ ঐতিহ্যৰ ৰাজহাড়স্বৰূপ শ্রীৰামৰ মন্দিৰ অযোধ্যাত স্থাপন কৰাটো সহজসাধ্য নাছিল৷ ভগৱান শ্রীৰামৰ জনমভূমিত মন্দিৰ নির্মাণক কেন্দ্র কৰি কেইবাদশক ধৰি যুঁজ–বাগৰ চলিছিল৷ ১৫২৮ চনত সম্রাট বাবৰৰ সেনাপতি মীৰ বাকিয়ে অযোধ্যাত বাবৰি মছজিদ স্থাপন কৰিছিল৷ মোগলৰ ৰাজত্বকালৰ পৰা অযোধ্যাত ৰাম মন্দিৰ স্থাপনক লৈ বিবাদৰ সূত্রপাত ঘটিছিল৷ আনকি ৰাম মন্দিৰ নির্মাণক লৈ ১৫৫৩ত সাম্প্রদায়িক সংঘর্ষও হৈছিল৷ ১৮৮৫ চনত মোগল ৰাজত্বৰ অৱসান আৰু ব্রিটিছৰাজ আৰম্ভ হোৱাৰ সময়ত ফৈজাবাদ জিলা আদালতত ৰাম জনমভূমি আৰু বাবৰি মছজিদৰ ভূমিখণ্ডৰ বাহিৰত ৰামৰ মূর্তি স্থাপনৰ অনুমতি বিচাৰিছিল মহন্ত ৰঘুবীৰ দাসে৷ ইয়াৰ পূর্বে ব্রিটিছে হিন্দু আৰু মুছলমানৰ বাবে পৃথকে উপাসনাৰ স্থান নির্ধাৰণ কৰি দিছিল৷ ভগৱান শ্রীৰামৰ ওপজা ভূমিত মন্দিৰ নির্মাণ আৰু ৰামলালাৰ প্রতিষ্ঠা কৰাৰ বাবে কেইবাদশকৰো অধিক কাল চলি থকা যুঁজখনৰ সফল সামৰণি হৈছিল ২০১৯ৰ ৯ নৱেম্বৰত৷ উচ্চতম ন্যায়ালয়ৰ সেই সময়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, বর্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ এছ এ ববদে, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ আব্দুল নাজিৰক লৈ গঠিত পাঁচজনীয়া বিচাৰপীঠে প্রদান কৰা ৰায়দানেই অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাট প্রশস্ত কৰে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতে কম দিনৰ ভিতৰতে নির্মাণ হৈছে দেশৰ ঐতিহ্য–সংস্কৃতিৰ গৌৰৱৰ উপাসনাস্থলী৷ দীর্ঘদিনীয়া সংগ্রামৰ শেষত ৰাম মন্দিৰ উদ্বোধন তথা ৰামলালাৰ প্রাণ প্রতিষ্ঠাক লৈ দেশজুৰি সৃষ্টি হোৱা ৰামভক্তিৰ জাগৰণে এই কথাই প্রমাণ কৰিছে যে দেশক ভালপোৱা প্রতিজন লোকে বুকুত সযতনে ৰাখিছে ভগৱান শ্রীৰামক৷
ভগৱান শ্রীৰামৰ স’তে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ঐতিহ্য–সংস্কৃতি নিবিড়ভাৱে জড়িত হৈ আছে৷ ভাৰতীয় সভ্যতা–সংস্কৃতিৰ পুৰুষোত্তম ভগৱান শ্রীৰামৰ বন্দনা অসমবাসীৰ বাবে নতুন কথা নহয়৷ আমাৰ ব্যৱহাৰিক জীৱনত ৰামৰ উচ্চাৰণ সঘনাই হয়৷ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাতো শ্রীৰামৰ বন্দনাৰ অসংখ্য চিত্র আছে৷ গুৰুজনাৰ সৃষ্টিত ‘বোলহু ৰাম নামেসে মুকুটি নিদানা…’, ‘ৰাম পৰম ধন চিন্তহু মন ভাই, তনু চিন্তামণি বিফল হি যায়…’ আদি এনে অসংখ্য বন্দনা মহাপুৰুষজনাৰ কীর্তন আৰু বৰগীতত বিদ্যমান৷ আনকি অসমীয়া বিহুগীত, বিয়ানাম আদিতো ৰামৰ বন্দনা যুগ যুগ ধৰি চলি আছে৷ ৰাম মন্দিৰ নির্মাণ তথা ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ লগে লগে নিশ্চিতভাৱে অযোধ্যাখন দেশৰ ভিতৰতে অন্যতম আধ্যাত্মিক নগৰীত পৰিণত হ’ব৷ ইয়াৰ লগে লগে আধ্যাত্মিক পর্যটনৰ ক্ষেত্রতো অযোধ্যাই বিশেষ মাত্রা লাভ কৰিব৷ দেশজুৰি সভ্যতা–সংস্কৃতিক ভাল পোৱা প্রতিজন লোকৰ মনত অযোধ্যাৰ ৰাম মন্দিৰ দর্শনৰ ইচ্ছা জাগ্রত হৈছে৷ ইয়াৰ লগে লগে দেশৰ ভিতৰতে ৰামৰ ওপজা ভূমিয়ে ন ন আন্তঃগাঁথনিৰ জৰিয়তে দেশৰ অন্যতম উন্নত নগৰীত পৰিণত হোৱাৰ আশা প্রকট হৈছে৷ দেশৰ সভ্যতা–সংস্কৃতিৰ সৈতে ভগৱান শ্রীৰামৰ অনবদ্য অৱদানৰ লগতে তেওঁৰ সুশাসনকালৰ বিশেষ সুখ্যাতি আছিল৷ ৰামৰাজ্য স্থাপন আমাৰ ঐতিহ্য–সংস্কৃতিৰে এক গুৰুত্বপূর্ণ বিষয়৷ বিশ্বৰ ভিতৰতে বিৰল আমাৰ ঐতিহ্য আৰু সংস্কৃতিক ন–ৰূপত উপস্থাপন কৰিবলৈ হ’লে ৰামৰাজ্যৰ সুফল দিশসমূহ কার্যকৰীকৰণৰ বাবে ক্ষমতাত থকা নেতৃত্ব সক্রিয় হ’ব লাগিব৷ দেশৰ স্বাধীনতা লাভৰ ৭৫ বর্ষ সম্পূর্ণ কৰা উপলক্ষে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হৈছে যদিও ব্রিটিছ প্রৱর্তিত আইন–আদালত আৰু নীতি–নিয়মৰ পৰা আমি এতিয়াও মুক্ত হ’ব পৰা নাই৷ দেশৰ স্থান আৰু গোষ্ঠীবিশেষে এতিয়াও সুকীয়া আইন চলি আছে৷ ফলত অঞ্চলভিত্তিক বৈষম্য আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্রতো ইয়াৰ প্রভাৱ বিদ্যমান৷ শেহতীয়াকৈ দেশজুৰি ভাৰতীয় ন্যায় সংহিতা কার্যকৰীকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে পদক্ষেপ লৈছে৷ এনে পদক্ষেপ কার্যকৰী হ’লে অপৰাধ নিয়ন্ত্রণ আৰু অপৰাধীক শাস্তি প্রদানৰ ক্ষেত্রত দেশজুৰি এক নতুন ধাৰা প্রৱর্তন হোৱাৰ আশা আছে৷ এক দেশ এক নির্বাচনৰ লেখীয়া ভাৰতীয় ন্যায় সংহিতাই দেশৰ নাগৰিকসকলক সমধিকাৰ প্রদান কৰিব বুলি আশা কৰিব পাৰি৷