নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : বগাহাতীত পৰিণত চৰকাৰৰ জলসিঞ্চন বিভাগৰ এটা কেইবালাখটকীয়া প্ৰকল্প। বছৰ বছৰকাল পৰিত্যক্ত হৈ থাকি জহি-খহি যাব ধৰিছে জলসিঞ্চন প্ৰকল্পৰ মেচিন, টানেল আৰু যাৱতীয় সামগ্ৰী, পানীৰ অভাৱত কৃষকে হাহাকাৰ কৰিবলগীয়া অৱস্থা। পূব গোৱালপাৰা সমষ্টিৰ মাটিয়া ৰাজহ চক্ৰৰ বহতী অঞ্চলত কৃষকৰ মাজত পথাৰৰ পানীক লৈ হাহাকাৰ লাগিছে। গাঁওখনৰ এমূৰত এনেদৰে কেইবাবছৰ ধৰি পৰি আছে জলসিঞ্চন প্ৰকল্পৰ জঁকাটো। মেচিন, লোৰ টানেল, ব’ট’, ড্ৰেইন ’ সকলো আজিও দৃষ্টিকটুভাবে পৰি আছে নৈৰ পাৰত। কৃষকক পানী যোগান দিয়া দূৰৰে কথা, নৈৰ বালিৰ মাজত পোত যাবহে ধৰিছে বহুমূলীয়া সামগ্ৰীসমূহ। পানীৰ প’টোও পাবলৈ নাই। ৰাইজে বহু আবেদন-নিবেদন কৰিও সুফল পাবলৈ সক্ষম নহ’ল। অতবছৰে কাৰ্যক্ষম হৈ নুঠিল জলসিঞ্চন প্ৰকল্পটো। ফলত বিয়াগোম জলসিঞ্চন প্ৰকল্প আজি যেন ভালুকৰ সাঙীসদৃশহে হৈ পৰিল! কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজে আজিও ধিয়াব লাগে বৰষুণৰ পানীৰ বাবেহে। সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমক এইবোৰ সমস্যাৰ কথা জনাবলৈ ৰাইজে সময়মতে কাষত নোপোৱাৰো অভিযোগ। পুনৰ ৰাইজে সংশ্লিষ্ট বিভাগ তথা চৰকাৰক জলসিঞ্চন প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ দিহা কৰিবলৈ কাতৰ আহ্বান জনাইছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস