নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেছ গীল্ড ঢকুৱাখনাৰ নতুন সভাপতি তোলন দত্ত-সম্পাদক পুলকজ্যোতি বৰা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : ঢকুৱাখনা মহকুমাৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ প্রেছ গীল্ড, ঢকুৱাখনাৰ দুবছৰীয়া কাৰ্যকালৰ বাবে নির্বাচিত নতুন কার্যনির্বাহক সমিতিখনে মঙ্গলবাৰে আনুষ্ঠানিকভাবে কার্যভাৰ গ্ৰহণ কৰে। এই উদ্দেশ্যে প্ৰেছ গীল্ডৰ স্থায়ী কার্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিদায়ী সভাপতি আলোক চমুৱাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰেছ গীল্ডৰ বিদায়ী সম্পাদক ৰাজীৱ বকৰাই। প্লেছ গীল্ডৰ উপদেষ্টা দুলেন চমুৱাই নতুন কার্যনির্বাহক সমিতিখনৰ সভাপতি তোলন দত্ত, উপ-সভাপতি ৰাজীৱ বৰুৱা, সম্পাদক পুলকজ্যোতি বৰা, সহকাৰী সম্পাদক পাপু বৰুৱা, কার্যালয় সম্পাদক অৰুণ চমুৱা, কোষাধ্যক্ষ জিতু দত্ত, কার্যনির্বাহক সদস্য হেমন্ত কুমাৰ বৰুৱাকে ধৰি গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়। সভাত বিদায়ী সম্পাদক বাজীৱ বৰুৱাই প্রেছ গীল্ড, ঢকুৱাখনাৰ গুৰুত্বপূর্ণ নথি- পত্র, ফাইল, বেংক একাউন্ট, ছীল-মোহৰ আদি নতুন সম্পাদক পুলকজ্যোতি বৰাক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে। প্রেছ গীল্ড, ঢকুৱাখনাক ভবিষ্যতে ৰাইজৰ ওচৰলৈ চপাই নি অধিক জনমুখী কৰাৰ উদ্দেশ্যে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰা সন্দর্ভত আলোচনাত বক্তব্য আগবঢ়ায় দুলেন চমুৱা, আলোক চমুৱা, তোলন দত্ত, পুলকজ্যোতি বৰা, অৰুণ চমুৱা আৰু ৰাজীৱ বৰুৱাই।সভাত প্ৰেছ গীল্ড, ঢকুৱাখনাক অধিক গতিশীলতা আৰু জনমুখী কৰাৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ বাবে প্ৰতিগৰাকী নতুন বিষয়ববীয়াই সংকল্প গ্ৰহণ কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like