বিশেষ বাৰ্তা, ২৪ জানুৱাৰী : স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে যোৰহাটৰ কাছাৰী ময়দানত নহব গণৰাজ্য দিৱসৰ পতাকা উত্তোলন। হয়তো আৰু কোনোদিনেই যোৰহাটৰ কাছাৰী ময়দানত গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ গৌৰবৰ ক্ষণ প্ৰত্যক্ষ কৰিবলৈ নাপাব যোৰহাটবাসীয়ে। স্বাধীনতাৰ পিছত যোৰহাটত কাছাৰী ময়দানত বাহিৰত এইবাৰ উত্তোলন হব দেশৰ ত্ৰিৰংগ পতাকা। কিয়নো ঐতিযমণ্ডিত কাছাৰী ময়দান, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু যোৰহাট ষ্টেডিয়ামক সামৰি নিৰ্মাণ হৈ আছে এক বৃহৎ ক্ৰীড়া প্ৰকল্প। সেয়েহে গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱসৰ পতাকা উত্তোলনথলী কাছাৰী ময়দানত এইবাৰ উজলি নুঠিব দেশৰ ত্ৰিৰংগা। ব্ৰিটিছে নিৰ্মাণ কৰি যোৱা অবিভক্ত শিৱসাগৰ জিলাৰ সদৰ যোৰহাট কাছাৰী ময়দানত স্বাধীনতাৰ পৰৱৰ্তী ৭৪ বছৰ গণৰাজ্য দিৱস উদযাপিত হৈ আহিছিল। যোৰহাট নগৰৰ মাজমজিয়াত একমাত্ৰ মুকলি স্থান হিচাপে বিবেচিত হৈ আহিছিল যোৰহাট এই কাছাৰী ময়দান আৰু জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ। উক্ত স্থানতেই গ্ৰন্থমেলা, বাণিজ্য মেলা আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ আহিছিল। কিন্তু এতিয়াৰ পৰা যোৰহাটৰ এই ময়দানৰ গণৰাজ্য অথবা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন হৈ পৰিব ইতিহাস। ইয়াৰ পৰিৱৰ্তে এইবাৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হব যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বহুমুখী বিদ্যালয় খেলপথাৰত। তদুপৰি কাছাৰী ময়দানৰ কাষতে থকা যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ো হব স্থানান্তৰ। নগৰৰ মাজমজিয়াত উজলি থকা ব্ৰিটিছৰ দিনত নিৰ্মিত ইটা ৰঙৰ ঘৰটো সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হব। ইয়াৰ পৰিৱৰ্তে শতাব্দী গৰকা জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰিত হব যোৰহাটৰ চিনামৰালৈ। তাৰ বাবে অসম চাহ নিগমৰ ভূমিত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম চলি আছে। এইবাৰ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বহুমুখী বিদ্যালয়ৰ হব লগা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন থলী সজাই পৰাই তুলিছে যোৰহাট জিলা প্ৰশাসনে।
প্ৰেৰক ৰঞ্জিত ভূঞা