✅৯৫সংখ্যক ‘কটনিয়ান’ৰ সম্পাদক শাশ্বতী প্ৰিয়দৰ্শিনী
✅উন্মোচন কৰে কবি-সাহিত্যিক হৰেকৃষ্ণ ডেকাই
✅আদৰণী ভাষণ দিয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকাই
✅মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক-সমালোচক ড০ পৰী হিলৈদাৰী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘কটনিয়ান’ৰ ৯৫সংখ্যক সংখ্যাটো আজি উন্মোচন কৰা হয়। শাশ্বতী প্ৰিয়দৰ্শিনীৰ সম্পাদনাত প্ৰকাশ পোৱা ২০২১-২২ বৰ্ষৰ এইখন ‘কটনিয়ান’ উন্মোচন কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান, প্ৰথিতযশা সাহিত্যিক, কবি হৰেকৃষ্ণ ডেকাই। এই উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আদৰণী ভাষণত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকাই ‘কটনিয়ান’ৰ উন্মোচনী ক্ষণটি অতিকে স্মৰণীয় বুলি অভিহিত কৰে। উন্মোচকৰ বক্তব্য দাঙি ধৰি হৰেকৃষ্ণ ডেকাই কয় যে দৰাচলতে ‘কটনিয়ান’-এ দশকজোৰা যাত্ৰাত ‘জয়ন্তী’ আলোচনীৰ দৰে একোটা সাহিত্যিক যুগৰ সূচনাত অৰিহণা যোগাই আহিছে। তেওঁ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ কথাও স্মৰণ কৰে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা সাহিত্যিক-সমালোচক সন্দিকৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ পৰী হিলৈদাৰীয়েও মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীয়ে যুৱ প্ৰতিভাৰ স্ফূৰণত লোৱা ভূমিকাৰ কথা দোহৰাৰ লগতে ‘কটনিয়ান’ক লৈ গৱেষণাৰ সম্ভাৱনীয়তাৰ কথাও উল্লেখ কৰে। ‘কটনিয়ান’ৰ সম্পাদক শাশ্বতী প্ৰিয়দৰ্শিনীয়ে কয় যে সম্পাদকৰ দৰে গধূৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আৰু শিক্ষণ অভিজ্ঞতাৰ সমল আছিল। উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° কাকলি গগৈ আৰু ড° কল্পনা বৰাৰ তত্ত্বাৱধানত প্ৰকাশিত ৯৫সংখ্যক ‘কটনিয়ান’খনৰ প্ৰকাশৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্র তথা সাহিত্য অকাডেমি যুৱ বঁটাপ্ৰাপক গল্পকাৰ অভিজিৎ বৰায়ো বিশেষভাৱে সহযোগ কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক কবি নীলিম কুমাৰ, কলা সমালোচক অংকুৰ ডেকা, বিশিষ্ট গল্পকাৰ মণিকা দেৱী, বিকুল শইকীয়া, মনালিছা শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী। দৃষ্টিৰীমা বৰা আৰু সব্যসাচী দাসে আঁত ধৰা অনুষ্ঠানটিত কবিতা পাঠ কৰে কটনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্র নীৰৱ হাজৰিকাই।