ৰাণী চাপৰিৰ শ্রীশ্রীমনসা মন্দিৰৰ উন্নয়নৰ বাবে ১ কোটি টকা ঘোষণা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ গড়লৰ ভট্টপাৰা ৰাণী চাপৰিৰ শ্রীশ্রীমনসা মন্দিৰৰ নৱনির্মিত মণিকূট আৰু মা মনসা দেৱীৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অংশগ্রহণ কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনবোধত দেৱ-দেৱীৰ পূজা-অর্চনাই সদায়ে প্রাধান্য লাভ কৰি আহিছে৷ বিভিন্ন দেৱ-দেৱীক পূজাৰ মাধ্যমেৰে ভক্তি নিবেদন কৰি অহা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰম্পৰাৰে বাহক ৰাণী চাপৰিৰ শ্রীশ্রীমনসা মন্দিৰে অঞ্চলটোত আধ্যাত্মিক জীৱনধাৰা শক্তিশালী কৰি তুলিছে৷ ৰাণী চাপৰিৰ শ্রীশ্রীমনসা মন্দিৰ নির্মাণৰ ইতিহাসৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনবোধত মা মনসা দেৱীৰ পূজাই বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ তেওঁ লগতে কয় যে ভাৰতীয় আধ্যাত্মিক দর্শনত মা মনসা দেৱীয়ে এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে৷ ভাৰতীয় সনাতন ধর্মগ্রন্থসমূহত মা মনসাৰ জন্মৰ বিষয়ে থকা দিশসমূহ উল্লেখ কৰি তেওঁ কয় যে কাশ্যপ মুনিয়ে বীজমন্ত্র সৃষ্টিৰ লগতে মনৰ পৰা অধিষ্ঠাত্রী দেৱীক সৃষ্টি কৰে৷ সেইবাবে মনসা দেৱীক কাশ্যপৰ মানস কন্যা বুলিও অভিহিত কৰা হয়৷ তেওঁ লগতে কয় যে পদ্ম পুৰাণৰ মতে মহাদেৱৰ পৰা মনসা দেৱী সৃষ্টি হোৱা বুলি কোৱা হয়৷ ব্রহ্মবৈৱর্ত পুৰাণৰ প্রকৃতি খণ্ডত মনসা দেৱীক ১২টা নামেৰে নামকৰণ কৰা হৈছে৷ অসমত পদ্মাৱতী, বিষহৰী, বাৰৈদেৱী হিচাপে নামকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহীশূৰ আৰু কর্ণাটকত নাগাষ্মা আৰু সুদামা বুলি জনা যায়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে অন্ধ্রপ্রদেশত নাগাষ্মা বা বাল-নাগাষ্মা, ওড়িশাত বৈৰাতপাত ঠাকুৰণী বুলি কোৱা হয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে নৰলোকত মা মনসা দেৱী পূজাৰ সৈতে জড়িত আছে চান্দ সদাগৰৰ আখ্যান৷ মা কামাখ্যাৰ মন্দিৰত প্রতিবছৰে শাওণ আৰু ভাদ মাহৰ সংক্রান্তিৰ দিনা মনসা পূজা বা মাৰৈ পূজা অনুষ্ঠিত হৈ আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে দেৱীক আৰাধনা কৰিবলৈ এক বিশেষ নৃত্যৰ আয়োজন কৰা হয়৷ দেউধা নৃত্য মনসা পূজাৰ এক গুৰুত্বপূর্ণ অংগ বুলিও তেওঁ কয়৷ দেউধা নচাৰ এই পৰম্পৰাৰ পৰা অসমত মনসা দেৱীৰ পূজাৰ ঐতিহ্যৰ বিষয়ে অনুধাৱন কৰিব পৰা যায় বুলি তেওঁ কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে কামাখ্যা ধামৰ দৰে মনসা পূজা বা মাৰৈ পূজাৰ লগত সংগতি ৰাখি দেউধা নচাৰ পৰম্পৰা কামৰূপৰ বিভিন্ন শক্তিপীঠত প্রচলিত হৈ আহিছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই আহোম, কোচ ৰজাসকলৰ দিনত হোৱা মনসা পূজাৰ কথাও ভাষণ প্রসংগত উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে মনসা পূজা অতি জাগ্রত পূজা বুলি ভক্তসকলে বিশ্বাস কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই ভট্টপাৰা ৰাণী চাপৰি শ্রীশ্রীমনসা মন্দিৰৰ নৱনির্মিত মণিকূট আৰু মা মনসা দেৱীৰ প্রতিমাৰ প্রাণ প্রতিষ্ঠাৰ জৰিয়তে অঞ্চলটোৰ আধ্যাত্মিক বাতাৱৰণ অধিক শক্তিশালী হব বুলিও আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই মন্দিৰ সর্বাংগসুন্দৰকৈ নির্মাণ কৰাৰ বাবে চলিত বর্ষত ৫০ লাখ আৰু আগন্তুক বর্ষত ৫০ লাখ টকা দিয়া হব বুলি ঘোষণা কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি মনসা দেৱীৰ শ্রীচৰণত সেৱা আগবঢ়ায়৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস, ভাৰতীয় জনতা পার্টীৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্র দাস, ৰাণী চাপৰি শ্রীশ্রীমনসা মন্দিৰৰ সভাপতি অখিল বৈশ্য, উপ-সভাপতি দ্বয় অৰুণ কুমাৰ বৰুৱা আৰু ভূপেন বৰুৱা, সাধাৰণ সম্পাদক সুভাষ কলিতা প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷