ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জানুৱাৰী : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি শিৱসাগৰ জিলাৰ নাজিৰাস্থিত চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নাজিৰা বিধানসভা সমষ্টিৰ ৮,৪১১টা পৰিয়ালক ৰেচন কার্ড প্রদান কৰে৷ সমষ্টিটোত বর্তমানে ৪৩,৬৯২টা পৰিয়ালে ৰেচন কার্ডৰ সুবিধা লাভ কৰি আহিছে৷ কালি নতুনকৈ সংযোজিত হিতাধিকাৰীসহ সমষ্টিটোত সর্বমুঠ ৫২,১০৩টা পৰিয়াল উপকৃত হ’ব৷ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বে এই ৰেচন কার্ড লাভ কৰাৰ বাবে পৰিয়ালৰ বার্ষিক আয় দুই লাখ টকা নির্ধাৰণ কৰা বাবে বহু পৰিয়ালে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কার্ড লাভ কৰাৰ বাবে যোগ্য বিবেচিত হোৱা নাছিল৷ সেইবাবে ৰাজ্য চৰকাৰে বার্ষিক আয়ৰ সীমা চাৰি লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে, যাতে অধিকসংখ্যক লোকে এই ৰেচন কার্ডৰ সুবিধা লাভ কৰিব পাৰে৷ ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যাতে সকলোধৰণৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে৷ এই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে অন্ন সেৱা সপ্তাহ পালন কৰিছে৷ ইতিমধ্যে তৃণমূল পর্যায়ত এক ইতিবাচক প্রভাৱ পৰিলক্ষিত হৈছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰেচন কার্ডৰ জৰিয়তে এতিয়া কেৱল চাউল লাভ কৰাতে সীমাবদ্ধ নাথাকে৷ ৰেচন কার্ডপ্রাপ্ত পৰিয়ালসমূহে আন বহু সুবিধা লাভ কৰিব৷ আয়ুস্মান ভাৰতৰ জৰিয়তে প্রতিটো পৰিয়ালক ৫ লাখ টকাৰ নিশ্চিত চিকিৎসাৰ সুবিধা প্রদান কৰিব৷ ৰেচন কার্ড লাভ কৰা পৰিয়ালসমূহে উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সুবিধাও লাভ কৰিবলৈ সক্ষম হ’ব৷ অহা দুই–তিনি বছৰৰ ভিতৰত ৰেচন কার্ড থকা পৰিয়ালসমূহক দুর্ঘটনাজনিত মৃত্যু বীমা আৰু জীৱন বীমাৰ দৰে সুবিধাসমূহ প্রদানৰ বাবে ৰাজ্য চৰকাৰে চিন্তা–চর্চা কৰিছে৷ তদুপৰি অহা বছৰ অৰুণোদয় আঁচনি পুনর্গঠন কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৬–২৭ চনৰ ভিতৰত ৰেচন কার্ড থকা প্রতিটো পৰিয়ালকে অৰুণোদয়ৰ হিতাধিকাৰী কৰা হ’ব৷ বর্তমান ৰাজ্যখনত ৫২ লাখ পৰিয়ালৰ হাতত ৰেচন কার্ড আছে৷ প্রতিবছৰে এতিয়ালৈ অৰুণোদয়ৰ সুবিধা লাভ নকৰা অথচ ৰেচন কার্ড থকা দুই–তিনি লাখ লোকক অৰুণোদয়ৰ হিতাধিকাৰী হিচাপে অন্তর্ভুক্ত কৰা হ’ব৷ ২০২৬–২৭ চনৰ ভিতৰত ৰেচন কার্ড থকা প্রতিটো পৰিয়ালে অৰুণোদয়ৰ পর্যায়ক্রমে হিতাধিকাৰী হৈ উঠিব৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অৰুণোদয়ক লৈ প্রত্যেক বছৰে চৰকাৰে কিবা নহয় কিবা এটা কৰি আহিছে৷ এইবাৰৰ ৰাজ্যিক বাজেটতো ইয়াৰ প্রতিফলন দেখা পাব৷ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, সাংসদ কামাখ্য প্রসাদ তাছা, বিধায়ক তৰংগ গগৈ, ডিম্বেশ্বৰ কোঁৱৰ, তাই–আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, প্রাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদৱ, নাজিৰাৰ মহকুমাধিপতি আয়ুসী জৈন আদি উপস্থিত থাকে৷