বিশেষ বাৰ্তা, ২৫ জানুৱাৰী : চাকৰি প্রার্থীসকলৰ বাবে সুখবৰ৷ ৰাজ্য চৰকাৰে ইতিমধ্যে অতি স্বচ্ছতাৰে মেধাৰ ভিত্তিত এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়াৰ পিছত অহা লোকসভা নির্বাচনৰ পিছতেই জুন–জুলাই মাহত পুনৰ ৩৫ হাজাৰক চাকৰি দিব৷ কালি নাজিৰাত এই ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নাজিৰা বিধানসভা সমষ্টিত কালি নতুনকৈ ৮,৪১১টা পৰিয়ালক ৰেচন কার্ড প্রদান কৰি দিয়া ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই চৰকাৰী চাকৰিপ্রত্যাশী নিবনুৱা যুৱক–যুৱতীসকলৰ বাবে পুনৰ সুখবৰ কঢ়িয়াই আনিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীত খালী পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা অহা জুন–জুলাইত অনুষ্ঠিত হ’ব৷ সেইদৰে তৃতীয় আৰু চতুর্থ বর্গৰ পদসমূহৰ বাবেও অহা জুন–জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হ’ব৷ চৰকাৰৰ প্রতিশ্রুতি আছিল এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়া৷ ইতিমধ্যে এক লাখৰ নিযুক্তি হৈ গ’ল৷ কিন্তু চৰকাৰ এক লাখৰ নিযুক্তি সম্পূর্ণ কৰিয়েই বহি থাকিব বিচৰা নাই৷ অহা জুন–জুলাই মাহত পুনৰ ৩৫ হাজাৰ পদ পূৰণৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব৷ বর্তমানৰ চৰকাৰৰ দিনত চৰকাৰী চাকৰিৰ নিযুক্তি অতি স্বচ্ছতাৰে কৰাৰ উল্লেখ কৰে৷ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ লগতে জনসাধাৰণৰ সামগ্রিক বিকাশ আৰু উন্নয়নৰ বাবে ২৪ ঘণ্টাই কাম কৰি অহাৰ উল্লেখ কৰি কয় যে মিছন বসুন্ধৰা ২.০ৰ কাম পূর্ণগতিত চলি আছে আৰু অহা মাহত ইয়াৰ অধীনত বৃহৎসংখ্যক আবেদনকাৰীক ভূমিপট্টা প্রদান কৰা হ’ব৷