নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজা–পাতলে মানুহৰ আধ্যাত্মিক উৎকর্ষ সাধন কৰে

🔹 গড়লৰ ৰাণী চাপৰিৰ মা মনসা মন্দিৰত মুখ্যমন্ত্রী

মহানগৰ বার্তা, ২৫ জানুৱাৰী : গড়লৰ ভট্টপাৰা ৰাণী চাপৰিৰ শ্রীশ্রী মনসা মন্দিৰৰ নৱনির্মিত মণিকূট আৰু মা মনসা দেৱীৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাখনত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনবোধত দেৱ–দেৱীৰ পূজা–অর্চনাই সদায়ে প্রাধান্য লাভ কৰি আহিছে৷ বিভিন্ন দেৱ–দেৱীক পূজাৰ মাধ্যমেৰে ভক্তি নিবেদন কৰি অহা হৈছে৷ এই পৰম্পৰাৰ বাহক ৰাণী চাপৰিৰ শ্রীশ্রী মনসা মন্দিৰে অঞ্চলটোত আধ্যাত্মিক জীৱনধাৰা শক্তিশালী কৰি তুলিছে৷ ৰাণী চাপৰিৰ শ্রীশ্রী মনসা মন্দিৰ নির্মাণৰ ইতিহাসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনবোধত মা মনসা দেৱীৰ পূজাই বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ ভাৰতীয় আধ্যাত্মিক দর্শনত মা মনসা দেৱীয়ে এটা গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে৷ ভাৰতীয় সনাতন ধর্মগ্রন্থসমূহত মা মনসাৰ জন্মৰ বিষয়ে থকা দিশসমূহ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাশ্যপ মুনিয়ে বীজ মন্ত্র সৃষ্টিৰ লগতে মনৰ পৰা অধিষ্ঠাত্রী দেৱীক সৃষ্টি কৰে৷ সেইবাবে মনসা দেৱীক কাশ্যপৰ মানস কন্যা বুলি অভিহিত কৰা হয়৷ পদ্ম পুৰাণ মতে, মহাদেৱৰ পৰা মনসা দেৱীৰ সৃষ্টি হোৱা বুলি কোৱা হয়৷ ব্রহ্মবৈবর্ত পুৰাণৰ প্রকৃতি খণ্ডত মনসা দেৱীক ১২টা নামেৰে নামকৰণ কৰা হৈছে৷ অসমত পদ্মাৱতী, বিষহৰী, বাৰৈদেৱী হিচাপে নামকৰণ কৰা হৈছে৷ মহীশূৰ আৰু কর্ণাটকত নাগাস্মা আৰু সুদামা বুলি জনা যায়৷ অন্ধ্রপ্রদেশত নাগাষ্মা বা বাল–নাগাষ্মা, ওড়িশাত বৈৰাটপাৰ ঠাকৰণী বুলি কোৱা হয়৷ নৰলোকত মা মনসা দেৱীৰ পূজাৰ সৈতে জড়িত আছে চান্দ সদাগৰৰ আখ্যান৷ মা কামাখ্য মন্দিৰত প্রতিবছৰে শাওণ আৰু ভাদ মাহৰ সংক্রান্তিৰ দিনা মনসা পূজা বা মাৰৈ পূজা অনুষ্ঠিত হৈ অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেৱীক আৰাধনা কৰিবলৈ এবিধ বিশেষ নৃত্যৰ আয়োজন কৰা হয়৷ দেউধা নৃত্য মনসা পূজাৰ এটা গুৰুত্বপূর্ণ অংগ৷ দেউধা নচাৰ এই পৰম্পৰাৰ পৰা অসমত মনসা দেৱীৰ পূজাৰ ঐতিহ্যৰ বিষয়ে অনুধাৱন কৰিব পৰা যায়৷ কামাখ্যা ধামৰ দৰে মনসা পূজা বা মাৰৈ পূজাৰ লগত সংগতি ৰাখি দেউধা নচাৰ পৰম্পৰা কামৰূপৰ বিভিন্ন শক্তিপীঠত প্রচলিত হৈ আহিছে৷ আহোম, কোচ ৰজাসকলৰ দিনত হোৱা মনসা পূজাৰ কথাও ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মনসা পূজা অতি জাগ্রত পূজা বুলি ভক্তসকলে বিশ্বাস কৰে৷ ভট্টপাৰা ৰাণী চাপৰি শ্রীশ্রী মনসা মন্দিৰৰ নৱনির্মিত মণিকূট আৰু মা মনসা দেৱীৰ প্রতিমাৰ প্রাণ প্রতিষ্ঠাৰ জৰিয়তে অঞ্চলটোৰ আধ্যাত্মিক শক্তিশালী হ’ব বুলি আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই মন্দিৰটো সর্বাংগ সুন্দৰকৈ নির্মাণ কৰাৰ বাবে চলিত বর্ষত ৫০ লাখ টকা আৰু আগন্তুক বর্ষত ৫০ লাখ টকা দিয়া হ’ব বুলি ঘোষণা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যবাসীৰ কুশল–মংগল কামনা কৰি মনসা দেৱীৰ শ্রীচৰণত সেৱা আগবঢ়ায়৷ কালিৰ অনুষ্ঠানত সাংসদ কামাখ্যা প্রসাদ তাছা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস, বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সভাপতি তপন চন্দ্র দাস, ৰাণী চাপৰি শ্রীশ্রী মনসা মন্দিৰৰ সভাপতি অখিল বৈশ্য, উপ–সভাপতি অৰুণ কুমাৰ বৰুৱা, ভূপেন বৰুৱা, সাধাৰণ সম্পাদক সুভাষ কলিতা আদি উপস্থিত থাকে৷

You might also like