নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা কল্যাণপুৰ অঞ্চলত চোৰৰ তাণ্ডৱ

🔹 মছজিদৰ পৰা নিলে মাইক্ৰ’ফোন, দোকানৰো ভাঙিলে তলা

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : নগৰবেৰাৰ কল্যাণপুৰ অঞ্চলত চুৰিকাণ্ড সংঘটতি হয়। টকা-পইচা, ধন-সোণ নহয়, নিশা এটা মছজিদৰ পৰা চোৰে লৈ গ’ল আজান দিয়া মাইক্ৰ’ফোনৰ ছেট |সদায় খোলা থাকে মছজিদৰ দুৱাৰ, ভিতৰত তলা মাৰি থোৱা আছিল মাইকৰ মেচিনটো ,তলা ভাঙি চোৰে বাকী সকলো এৰি লৈ যায় মাইকৰ মেচিনটোৰ লগতে ষ্টেণ্ডত লগাই থোৱা এটা লাউডস্পীকাৰ | দোকমোকালিতে মছজিদত ফজৰৰ নামাজৰ পৰত আজান দিবলৈ গৈ দেখে মাইক্ৰ’ফোন নাই, বাকচৰো তলা ভঙা। খবৰটো ৰাষ্ট্ৰ হৈ পৰাত অঞ্চলজুৰি চাঞ্চল্য বিয়পে | স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও মছজিদটোৰ পৰা চোৰে নিছিল আন এটা মাইক্ৰ’ফোন। মুঠতে চোৰে যেন টাৰ্গেট কৰিহে লৈছে কল্যাণপুৰৰ এই মছজিদটো। মাইক্ৰ’ফোন লগাবই নিদিয়ে, লগালেই লৈ যায় চুৰ কৰি ! আৰক্ষীক গোচৰ দিও সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। আগলৈ আৰক্ষীক অঞ্চলটোত নৈশ পেট্ৰ’লিঙৰ দিহা কৰিবলৈ দাবী জনাইছে ৰাইজে | ইফালে, নগৰবেৰাৰ হৰিডোবাৰ ৰঞ্জিত দাস নামৰ এজনৰ দোকানৰ আটাইকেইটা তলা চোৰে ভাঙে যদিও দুৱাৰৰ ভিতৰৰ পৰাও তলা লগোৱাৰ ফলত সোমাব নোৱাৰিলে চোৰ | ৰঞ্জিত দাসৰ মতে এয়া নিচাসক্ত যুৱকৰ কাণ্ড। কাগজে-কলমে থকা গাঁওৰক্ষীৰ ভূমিকাকো সমালোচনা কৰে তেওঁ আৰু আৰক্ষীকো সষ্টম হোৱাৰ আহ্বান জনাইছে ভুক্তভোগী দাসে | মুঠতে একে নিশাই দুঠাইত চোৰৰ এনে তাণ্ডৱ দেখি শংকিত হৈ পৰিছে অঞ্চলবাসী |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like