নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনা নিৰ্বাচনী জিলাতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। এই উপলক্ষে ঢকুৱাখনা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু হাৰ্হি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ সভাগৃহত বিশিষ্ট নাগৰিক পৃথু বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মানসজ্যোতি নেওগে। অনুষ্ঠানত ঢকুৱাখনাৰ নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতিম বৰুৱাই ভোটদান গণতন্ত্ৰৰ বাবে কিমান প্ৰয়োজনীয়, তাৰ বাবে নাগৰিকসকলৰ মাজত সজাগতা সৃষ্টিৰ হেতু ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ ওপৰত বিস্তাৰিতভাৱে বক্তব্য দাঙি ধৰাৰ লগতে ভোটাৰ দিৱসৰ মূল উদ্দেশ্য আৰু গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানত অংশগ্ৰহণেৰে সুস্থ আৰু সবল গণতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত উপস্থিত ৰাইজক শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ পংকজ বৰাই নৱ ভোটাৰসকলক উৎসাহিত কৰাৰ লগতে কেনেকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰি গুণসম্পন্ন চৰকাৰ গঠনেৰে সুস্থ-সবল দেশ এখন গঢ় দিব পাৰি, তাৰ ওপৰত আলোপাত কৰি ভোটাৰসকলক কোনো কাৰণত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত নাথাকিবলৈ আহ্বান জনায়। তেওঁ ভাষণ প্ৰসংগত কয় যে আমাৰ সংবিধানে আমাক ভোটাধিকাৰ দিছে৷ সেয়ে আমি সকলো ভোটাৰেই নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে৷ তদুপৰি আমি গণতান্ত্ৰিক সাৰ্বভৌম দেশৰ লোক৷ ভোটদানৰ দৰে দেশৰ সামগ্ৰিক উন্নয়নৰ গতিধাৰা নিৰ্ধাৰণ কৰিব পৰা অধিকাৰ তথা সুনাগৰিকৰ কৰ্তব্য পালন কৰাৰ বাবেও বিশেষভাৱে যুৱপ্ৰজন্মৰ প্ৰতি তেওঁ আহ্বান জনায়৷ অনুষ্ঠানত ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত, হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মানসজ্যোতি নেওগে বক্তব্য ৰাখে৷ তদুপৰি অনুষ্ঠানত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা ৫গৰাকী নতুন ভোটাৰক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ নাগৰিক যতীন বৰুৱা, ক্ষীৰোদ শইকীয়া, বিপিন বৰাৰ লগতে হাৰ্হি মহাবিদ্যালয়ৰ গৰিষ্ঠসংখ্যক অধ্যাপক-অধ্যাপিকা, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু নতুন ভোটাৰসকল উপস্থিত থাকে৷

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like