নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ পৰিবহণ বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে মহানগৰীত চলিছে একাংশ ই–ৰিক্সা৷ নীতি–বহির্ভূতভাৱে ৰাজপথত নির্বিঘ্ণে ই–ৰিক্সা চলাচল কৰি পৰিৱেশ বিনষ্ট কৰাৰ সমান্তৰালকৈ ব্যাপক যান–জঁটৰ সৃষ্টি কৰিছে যদিও এইক্ষেত্রত পৰিবহণ বিভাগে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ পৰিবহণ বিভাগৰ নির্দেশনা উলংঘাৰে চলাচল কৰা ই–ৰিক্সাৰ ক্ষেত্রত জিলা পৰিবহণৰ কার্যালয়ে বিভিন্ন সময়ত কঠোৰ পদক্ষেপ গ্রহণ কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে যদিও সেই সমূহ কার্যতঃ কার্যকৰী কৰা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ ৰাজধানী মছজিদৰ পৰা হাতীগাঁও চাৰিআলি হৈ লালমাটিলৈ নিতৌ তিনিশতাধিক অবৈধ ই–ৰিক্সা চলাচল কৰি আছে যদিও এইক্ষেত্রত পৰিবহণ বিভাগে চকু মুদা কুলিৰ ভাও জুৰিছে৷ উল্লেখ্য যে এই পথছোৱাৰে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা লোকসকলে গুৱাহাটী মহানগৰীত প্রৱেশ কৰে৷ ৰাজপথত জধে–মধে ই–ৰিক্সা চলি থকাৰ বাবে অন্যান্য যান–বাহন চলাচলত ব্যাঘাত জন্মোৱাৰ সমান্তৰালকৈ ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ একেদৰে ছয়মাইলৰ পৰা বাঘৰবড়ি তিনিআলি হৈ পাঞ্জাবাৰীলৈ যোৱা পথছোৱাত শতাধিক অবৈধ ই–ৰিক্সা চলাচল কৰা পৰিলক্ষিত হৈছে৷ একাংশ ই–ৰিক্সাৰ চালকে ছয়মাইল উৰণীয়া সেতুৰ সমীপত অবৈধভাৱে আস্থান স্থাপন কৰাত ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ লক্ষণীয়ভাৱে যান–বাহন আৰক্ষীৰ সন্মুখতেই ২০–৩০খন ই–ৰিক্সা অবৈধভাৱে পার্কিং কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে যদিও এইক্ষেত্রত কর্তব্যৰত যান–বাহন আৰক্ষীয়ে ৰহস্যজনকভাৱে নীৰৱ দর্শকৰ ভূমিকা পালন কৰি আহিছে৷ গুৰুত্বপূর্ণ কথা এই যে মহানগৰীৰ সাতগাঁও ভেটাপাৰা আৰু হাতীগাঁও অঞ্চলত গুৱাহাটী পৌৰ নিগমৰ অজ্ঞাতে চলি আছে বহু অবৈধ ই–ৰিক্সাৰ ডীলাৰ৷ এক বিশেষ সূত্রই জানিবলৈ দিয়া মতে পৌৰ নিগমৰ ব্যৱসায়িক অনুজ্ঞাপত্র অবিহনে উক্ত অঞ্চলসমূহত ৪০খনতকৈও অধিক ই–ৰিক্সাৰ ডীলাৰ চলি আছে৷ প্রাপ্ত খবৰ মতে একাংশ ডীলাৰৰ গৰাকীয়ে ছয়গাঁও আৰু হাজোৰ ভুৱা ঠিকনা দেখুৱাই মহানগৰীত ই–ৰিক্সা বিক্রী কৰি আহিছে৷ কৰ ফাঁকিৰে একাংশ অসাধু ব্যৱসায়ীয়ে গুৱাহাটীৰ পৰা ই–ৰিক্সাৰ ডীলাৰশ্বিপ চলাই আছে যদিও এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷