নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত নিউমোনিয়াত তিনি সপ্তাহত ২০০ৰো অধিক শিশুৰ মৃত্যু

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : তীব্ৰ শীতত পাকিস্তানত ভয়ংকৰ ৰূপ লৈছে নিউমোনিয়াই। বিগত তিনি সপ্তাহত দেশখনৰ পঞ্জাব প্ৰদেশত নিউমোনিয়াত আক্ৰান্ত হৈ দুশৰো অধিক শিশুৰ মৃত্যু হৈছে। যিসকলৰ বয়স পাঁচ বছৰৰ তলৰ। শীতকাল বাঢ়ি যোৱাৰ লগে লগে পাকিস্তানত নিউমোনিয়া বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। শিশুসকল ভাইৰেল জ্বৰত বেছিকৈ আক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই কয়- ‘মৃত্যু হোৱা বেছিভাগ শিশুৱেই নিউমোনিয়াৰ টিকা লোৱা নাছিল। শিশুসকল পুষ্টিহীনতাতো ভুগি আছিল।” এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্থানীয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। জানিব পৰা মতে, ১ জানুৱাৰীৰ পৰা দেশখনৰ পঞ্জাব প্ৰদেশত ১০,৫২০জন লোক নিউমোনিয়াত আক্ৰান্ত হৈছে। ইয়াৰে ৫ বছৰৰ তলৰ ২২০টা শিশুৰ মৃত্যু হয়। পঞ্জাবৰ ইমিউনাইজেচন প্ৰজেক্টৰ সঞ্চালক মুখতাৰ আহমেদে কয়- ‘নিউমোনিয়া ভাইৰাছ আৰু বেক্টেৰিয়া দুয়োটাৰ দ্বাৰা হয়। টিকা লোৱা শিশু বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত যদিও ভাইৰেল নিউমোনিয়া হয়।” চৰকাৰে শিশুসকলক মাস্ক আৰু গৰম কাপোৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। হাত ধোৱাটোও বাঞ্ছনীয়। পাকিস্তান চৰকাৰে শিশুক নিউমোনিয়াৰ পৰা ৰক্ষা কৰিবলৈ চিকিৎসকক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। পাকিস্তান প্ৰশাসন এইবেলি সংক্ৰমণৰ হাৰক লৈ চিন্তিত হৈ পৰাটো স্বাভাৱিক।

You might also like