নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেখিকাক ধৰ্ষণ! ড’নাল্ড ট্ৰাম্পক ৮৩.৩ মিলিয়ন ডলাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : আমেৰিকাৰ ফেডাৰেল আদালতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰাক্তন সাংবাদিক তথা লেখিকা এগৰাকীক ধৰ্ষণ আৰু মানহানিৰ গোচৰত ৮৩.৩ মিলিয়ন ডলাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। কেৰলক এই ক্ষতিপূৰণ দিব লাগিব আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। নিউয়ৰ্কৰ মানহাটানস্থিত ফেডাৰেল ক’ৰ্টৰ ৯ জনীয়া পেনেলে শুকুৰবাৰে ট্ৰাম্পক এই নিৰ্দেশ দিয়ে। ৯জন বিচাৰকৰ ভিতৰত আছিল ৭জন পুৰুষ আৰু ২গৰাকী মহিলা। আদালতে কয় যে লেখিকাগৰাকীক ট্ৰাম্পে শাস্তিমূলক ক্ষতিপূৰণ হিচাপে ৬৫ মিলিয়ন ডলাৰ দিব লাগিব আৰু মানহানিৰ বাবে ১১ মিলিয়ন ডলাৰ ক্ষতিপূৰণ দিব লাগিব। মানসিক ক্ষতিসাধনৰ বাবে বাকী ৭.৩ মিলিয়ন ডলাৰ লেখিকাগৰাকীক দিব লাগিব ট্ৰাম্পে। মুঠ ৮৩.৩ মিলিয়ন ডলাৰ দিবলৈ নিৰ্দেশ দিয়ে ড’নাল্ড ট্ৰাম্পক। উল্লেখ্য যে ট্ৰাম্পৰ বিৰুদ্ধে লেখিকাগৰাকীয়ে অভিযোগ কৰিছিল যে ১৯৯৬ চনত মানহাটানৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট’ৰৰ ড্ৰেছিং ৰুমত ট্ৰাম্পে তেওঁক ধৰ্ষণ কৰিছিল। মহিলাগৰাকী তালৈ গৈছিল বন্ধু এজনৰ বাবে উপহাৰ কিনিবলৈ। পূৰ্বৰে পৰা পৰিচিত ট্ৰাম্পে তেওঁক উপহাৰ বাছি লোৱাত সহায় কৰি আছিল। তাতেই লেখিকাগৰাকীক ট্ৰাম্পে ধৰ্ষণ কৰাৰ অভিযোগ কৰিছিল। ইয়াৰ উপৰি লেখিকাগৰাকীয়ে ট্ৰাম্পৰ বিৰুদ্ধে মানহানিৰ অভিযোগো দাখিল কৰে। অৱশ্যে লেখিকাগৰাকীৰ অভিযোগ অস্বীকাৰ কৰে ট্ৰাম্পে। তেওঁৰ মতে লেখিকাগৰাকীয়ে নিজৰ প্ৰচাৰৰ বাবে এটা ‘কল্প কাহিনী’ উলিয়াই লৈছিল।

You might also like