নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাশ্বত প্ৰেম : বিয়াত বহিল মৰিগাঁৱৰ দৃষ্টিহীন জয়ন্ত-বকলীয়াঘাটৰ দিশাস্মৃতা

বাৰ্তা বুৰো, মৰিগাঁও, ২৮ জানুৱাৰীঃ এখন ব্যতিক্ৰমী বিবাহ। দৰা মৰিগাঁৱৰ। কইনা কাৰ্বি আংলং জিলাৰ। দৰা দৃষ্টি প্ৰতিবন্ধী। ৫ বছৰ বয়সতে এটা জটিল ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুওৱা দৰা জয়ন্তই সৰুতেই মাক দেউতাকক হেৰুৱাই নিঠৰুৱা হৈ পৰিছিল। মাক দেউতাকক হেৰুৱাই ধৰমতুলৰ পিতৃগৃহৰ পৰা মৰিগাঁৱৰ ৰূপহীবৰি মোমায়েকৰ ঘৰলৈ গুচি আহে জয়ন্ত। গুৱাহাটীত অন্ধ বিদ্যালয়ত সপ্তম শ্ৰেণীলৈকে শিক্ষাগ্ৰহণ কৰা জয়ন্তৰ পৰিচয় ঘটে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ পিতৃহীনা দিশাস্মৃতি হাজৰিকাৰ সৈতে। এনেকৈয়ে প্ৰেম পাশত আবদ্ধ হয় যুৱক যুৱতী। কিন্তু থাকিবলৈ নিজৰ ঘৰ এটাও নথকা বিশেষভাৱে সক্ষম জয়ন্তই বিয়া পাতে কেনেকৈ! কিন্তু প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা দিশাস্মৃতি আৰু জয়ন্তই ইজনে সিজনক কোনো কাৰণতে এৰিবলৈ ইচ্ছুক নহয়। প্ৰেমৰ তাগিদাতে দুয়ো গোটেই জীৱন একেলগে থকাৰ পণ লৈ কাষ চাপিল মৰিগাঁও জিলা আয়ুক্তৰ। মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ একান্ত প্ৰয়াস আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু মৰিগাঁও জিলাৰ একাংশ মানৱদৰদী লোকৰ প্ৰয়াসত মৰিগাঁৱৰ আৱৰ্ত ভৱনত দুয়োখন ঘৰৰে পৰিয়ালৰ লোকৰ উপস্থিতিত আজি দুয়োৰে বিয়া পাতি দিয়া হয়। কন্যাদান কৰে জিলা মীন উন্নয়ন বিষয়া ভাস্কৰজ্যোতি নাথে। গোটেই বিয়াখন পাতি দিয়াত আগভাগ ল’লে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া নীলোৎপল কাকতিয়ে। আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত প্ৰতিগৰাকী বিষয়া, পৌৰ সভাৰ পৌৰপতি আৰু মৰিগাঁৱৰ বহু গণ্যমান্য ব্যক্তিয়ে এই বিয়াখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সহায়ৰ হাত আগবঢ়ায়। বিয়াত আলমাৰী, ফাৰ্ণিচাৰ, বিছনা আৰু গেছ ষ্টভৰ পৰা আদি কৰি প্ৰয়োজনীয় সকলো সামগ্ৰী দিয়া হয় যাতে বিয়াৰ পিছত তেওঁলোকে জীৱনটো কটাবলৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয়। জয়ন্ত-দিশাস্মৃতিৰ বাবে এটা ঘৰো নিৰ্মাণ কৰি দিয়া হৈছে। সকলোৱে কামনা কৰিছে যাতে নৱদম্পতী কুশলে থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূমিহীন জয়ন্তক ভূমি প্ৰদান কৰিছিল।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like