নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ কৃষিখণ্ডই আৰম্ভ কৰিছে বিশ্বমুখী যাত্ৰা : অতুল বৰা

খানাপাৰাত অগপৰ কৃষক পৰিষদৰ কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস পালন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে আজি গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্মগেট খেলপথাৰত কেন্দ্ৰীয়ভাৱে “কৃষক শ্বহীদ দিৱস” অনুষ্ঠিত কৰে। এই উদ্দেশ্যে পাঁচ সহস্ৰাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যৰ কৃষকসকলে অধিক উৎপাদন আৰু উপাৰ্জনৰ জৰিয়তে ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে। কৃষকসকলৰ শ্ৰম আৰু ত্যাগৰ ফলতেই ৰাজ্যৰ ৰাজহ বৃদ্ধিত এক বিশিষ্ট বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। যোৱা বছৰ কেইটাত ৰাজ্যখনে কৃষি, উদ্যান শস্য, পশুপালন আৰু মীন শিতানত পূৰ্বতকৈ অধিক উৎপাদনৰে ৰাজ্যখনক উৎপাদনশীলতাৰ এক নতুন মাত্ৰা দিয়াত সফল হৈছে। মন্ত্ৰী বৰাই কৃষক শ্বহীদ দিৱসৰ তাৎপৰ্য উল্লেখ কৰি ৰাজ্যখনত প্ৰতিদিনে প্ৰগতিশীল আৰু সংগঠিত কৃষকৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰে। ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগে কৃষক সকলৰ উদ্দেশ্যে গ্ৰহণ কৰা আচঁনিৰ সুবিধা গ্ৰহণ কৰি ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত আত্মনিয়োগ কৰিবলৈ মন্ত্ৰী বৰাই আহ্বান জনায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া ৰাজ্যখনৰ কৃষিখণ্ডই বিশ্বমুখী যাত্ৰা আৰম্ভ কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধি পাবলৈ ধৰিছে উল্লেখ কৰি কৃষি খণ্ডৰ বিকাশৰ বাবে অসম কৃষক পৰিষদে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। এই অনুষ্ঠানতে ৰাজ্যৰ তিনিগৰাকী প্ৰগতিশীল কৃষক বাবাজান ভূঞা, প্ৰসন্ন ৰাভা আৰু জলিন চুতীয়াক প্ৰগতিশীল কৃষক বটাঁ প্ৰদান কৰাৰ লগতে অসম কৃষক পৰিষদৰ এটি গীত মুকলি কৰা হয়। মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে দলৰ সাধাৰণ সম্পাদক তথা অসম কৃষক পৰিষদৰ তত্বাৱধায়ক ড০ কমলাকান্ত কলিতাই। মুকলি সভাত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, ভূপেন ৰায়, উপ-সভাপতি কুমাৰ দীপক দাস, সুনীল ডেকা, জ্যোতিষ দাস, ড০ ৰঞ্জিত ডেকা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড আদি উপস্থিত থাকে। কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পাচঁ সহস্ৰাধিক কৃষক তথা দলীয় সদস্য উপস্থিত থাকে। ৰাতিপুৱাৰ ভাগত দলীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পন, সৰ্বধৰ্ম প্ৰাৰ্থনা আদি অনুষ্ঠিত হয়।

You might also like