নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বৰ অসমৰ বিভিন্ন লোকসংস্কৃতিৰ মেটমৰা সম্ভাৰ কঢ়িয়াই এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দৃষ্টিনন্দন ৰূপত উজলি উঠিল বজালীৰ বীৰ ৰজা ভগদত্ত ক্ষেত্ৰ৷ উল্লেখ্য যে অসমৰ ব্রহ্মপুত্র উপত্যকাৰ বৃহত্তম আৰু প্রাচীনতম অধিবাসী কলিতাসকলক সাংস্কৃতিক, বৌদ্ধিক, আর্থ-সামাজিক আৰু ৰাজনৈতিক চিন্তা-চেতনাৰে জাগ্রত কৰা একমাত্র সংগঠন কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ষষ্ঠদশ দ্বি-বার্ষিক কেন্দ্রীয় অধিবেশনখন আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বজালীৰ ইতিহাস প্রসিদ্ধ অঞ্চল চৌখুটী-ভালাগুৰি পথাৰত আৰম্ভ হৈছে৷ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই দৃষ্টিনন্দন শোভাযাত্ৰাই এক বৃহত্তৰ অঞ্চলযুৰি পৰিভ্ৰমণ কৰি সকলোকে মোহাচ্চন্ন কৰি তোলে৷ ইয়াৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভনিতে পতাকা উত্তোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড৹ সোনেশ্বৰ কলিতাই৷ ইয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া সকলে ৩৬ খন পতাকা উত্তোলন কৰে৷ স্মৃতি তৰ্পণ কৰে ক্ৰমে দেৱকুমাৰ ডেকা, বিষ্ণু পাটগিৰি, মকুন্দ খাটনিয়াৰ আৰু কমল বৰ্মণে৷ ৯ বজাত মুল তোৰণ উদ্বোধন কৰে প্ৰতুল কলিতাই৷ ইয়াৰ পিছত ক্ৰমে অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি, প্ৰেক্ষাগৃহৰ দ্বাৰ মুকলি, স্বেচ্ছাসেৱক বাহিনীৰ কার্যালয় মুকলি, চিকিৎসা শিৱিৰ মুকলি, অতিথিশালাৰ দ্বাৰ মুকলি, দিপালী তালুকদাৰ সোঁৱৰণী মূল মঞ্চ মুকলি কৰা হয়৷ দুপৰীয়া বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সঞ্চালনত অনুষ্ঠিত “প্রাগজ্যোতিষ-কামৰূপ-অসম এক ঐতিহাসিক বিবর্তন” শীর্ষক আলোচনা আলোচনা চক্ৰত কেবাগৰাকীও বিশিষ্ট লোকে আলোচক হিচাপে অংশগ্ৰহণ কৰে৷ আবেলিৰ ভাগত প্রদর্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি, ড° কৰুণাকান্ত পাটগিৰি সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ মুকলি, প্রতিনিধি শিবিৰ মুকলিৰ পিছতে সন্ধিয়া সন্মিলনৰ ৩৬ বছৰ উপলক্ষে ৩৬ গছি বন্তি প্রজ্বলন কৰা হয়৷ ইয়াৰ পিছতে একক নৃত্য প্রতিযোগিতাৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰে৷ কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত গছপুলি ৰোপণ, ৰছী টনা খেল, দিহা নাম প্রতিযোগিতা, ভলীবল প্রতিযোগিতা, ‘সংৰক্ষণ ব্যৱস্থা: অসমৰ জনগোষ্ঠীসমূহৰ সমবিকাশ’ শীর্ষক আলোচনাচক্র, প্রতিনিধি আৰু বিষয় বাচনি সভা, মহোহো উৎসৱ, অঞ্জু মেধি (মইনা) সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব৷ আনহাতে ৩১ জানুৱাৰীত ড৹ সোনেশ্বৰ কলিতাৰ সভাপতিত্বত মুকলি আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা উদ্বোধন কৰিব মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই৷ বিশিষ্ট অতিথি হিচাপে থাকিব প্ৰাক্তন সাংসদ ৰমেন ডেকা, মন্ত্ৰী ক্ৰমে জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, চন্দ্রমোহন পাটোৱাৰী, সাংসদ ভূবনেশ্বৰ কলিতা, বিধায়ক ক্ৰমে ফণীধৰ তালুকদাৰ, ৰমেন্দ্র নাৰায়ণ কলিতা আৰু দিগন্ত কলিতাই৷ কল্যাণ কলিতাৰ সম্পাদনাত স্মৃতিগ্রন্থ “প্ৰাগজ্যোতিষা-০.২” উন্মোচন কৰিব অক্ষয় কলিতাই৷ নির্দিষ্ট বক্তা হিচাপে অংশ লব ড° দেৱজিৎ মহন্তই৷ সন্মানীয় অতিথি হিচাপে থাকিব অসম সৌৰভ কৃষ্ণ ৰয়, প্ৰাক্তন মন্ত্ৰী পবিন্দ্র ডেকা, প্রাক্তন বিধায়ক বিনন্দ শইকীয়া, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস৷ আবেলি মুকলি কুইজ প্রতিযোগিতা, সন্ধিয়া বন্তি প্রজ্বলন, প্রয়াত ভগৱান তালুকদাৰ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানেৰে কলিতা জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি-বার্ষিক কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি পৰিব৷
প্ৰেৰক কল্যাণ কলিতা