🔹 মহানগৰীৰ ৰাজপথত আৰু দেখা নাযাব ভিক্ষাৰী
বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : কেন্দ্ৰৰ মোদী চৰকাৰৰ আন এক ডাঙৰ পদক্ষেপ। ‘ভিক্ষাবৃত্তিমুক্ত ভাৰত’। ইয়াৰ বাবে প্ৰথম পদক্ষেপ হিচাপে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৩০খন চহৰ চিনাক্ত কৰিছে। এই তালিকাত আছে অযোধ্যাৰ পৰা তিৰুৱনন্তপুৰমলৈকে, গুৱাহাটীৰ পৰা ত্ৰম্ব্যকেশ্বৰলৈকে। লক্ষ্য ২০২৬ চনৰ ভিতৰত এই চহৰবোৰক ‘ভিক্ষাৰীমুক্ত’ কৰি তোলা। বিশেষকৈ মহিলা আৰু শিশুসকলক ভিক্ষাবৃত্তিৰ পৰা আঁতৰাই এটা ভাল জীৱন প্ৰদান কৰা। জনা গৈছে যে প্ৰথমতে নিৰ্বাচিত ত্ৰিশখন চহৰত এক সমীক্ষা চলোৱা হ’ব। কোনবোৰ চহৰত ভিক্ষাৰী বেছি, কোনবোৰ ‘হটস্পট’, কোনবোৰ চহৰ প্ৰথমে ভিক্ষাৰীমুক্ত হোৱা প্ৰয়োজন- এই সকলোবোৰ চোৱাচিতা কৰা হ’ব। পৰৱৰ্তী সময়ত তাৰ ফলাফলৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তদুপৰি পুনৰ্বাসনৰো ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ‘Support for Marginalized Individuals for Livelihood and Enterprises’ তথা ‘স্মাইল’ প্ৰকল্পৰ অধীনত এই কাম আগবাঢ়িছে। এই পদক্ষেপৰ নিৰীক্ষণ আৰু সফল ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সৰ্বভাৰতীয় পৰ্টেল আৰু এটা মোবাইল এপ মুকলি কৰিছে। সকলো তথ্য তাতেই থাকিব। চিনাক্তকৃত চহৰসমূহৰ ভিক্ষাৰীসকলক সঠিকভাৱে আশ্ৰয় দিয়া হৈছে নে নাই, শিক্ষা লাভ কৰিছে নে নাই – সকলো আপডেট এপ আৰু পৰ্টেলত উপলব্ধ হ’ব। ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা এই এপ আৰু পৰ্টেলত তথ্যসমূহ উপলব্ধ হ’ব। উল্লেখ্য যে ত্ৰিশখন চহৰক ধৰ্মীয়, ঐতিহাসিক আৰু পৰ্যটনৰ গুৰুত্বৰ বাবে প্ৰথমে নিৰ্বাচিত কৰা হৈছে। সূত্ৰ অনুসৰি অহা দুবছৰত আৰু অধিক চহৰ এই তালিকাত অন্তৰ্ভুক্ত হ’ব। ধৰ্মীয় গুৰুত্বৰ ফালৰ পৰা চিনাক্ত কৰা নগৰসমূহ হ’ল অযোধ্যা, কাংৰা, ওমকাৰেশ্বৰ, উজ্জয়িনী, সোমনাথ, পাভাগড়, ত্ৰম্ব্যকেশ্বৰ, বোধগয়া, গুৱাহাটী আৰু মাদুৰাই। পৰ্যটনৰ বাবে বিখ্যাত চহৰৰ তালিকাত বিজয়াৱাড়া, কেভাদিয়া, শ্ৰীনগৰ, নামছাই, কুছিনগৰ, সাঁচি, খাজুৰাহো, জয়ছেলমেৰ, তিৰুৱনন্তপুৰম, পুডুচেৰী, অমৃতসৰ, উদয়পুৰ, কটক, ইন্দোৰ, শিমলা আদি অন্তৰ্ভুক্ত। ইতিমধ্যে নিৰ্বাচিত ৩০খন চহৰৰ ভিতৰৰ ২৫খন চহৰৰ একচন প্লেন প্ৰস্তুত কৰা হৈছে।