নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ বিশ্ববিদ্যালয়ত ভাৰতীয় ছাত্ৰৰ অস্বাভাৱিক মৃত্যু

বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : আমেৰিকাত বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা উদ্ধাৰ হৈছে এজন ভাৰতীয় ছাত্ৰৰ মৃতদেহ। জানিব পৰা মতে, দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰজন। ২৪ ঘন্টাৰ অন্তত বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। অৱশ্যে ভাৰতীয় ছাত্ৰজনৰ মৃত্যুৰ সবিশেষ জানিব পৰা হোৱা নাই। জানিব পৰা মতে, মৃত ছাত্ৰজনৰ নাম নীল আচাৰ্য। আমেৰিকাৰ পাৰ্ডু বিশ্ববিদ্যালয়ত কম্পিউটাৰ আৰু ডাটা বিজ্ঞান অধ্যয়ন কৰিছিল ছাত্ৰজনে। কিন্তু যোৱা দেওবাৰৰ পৰা নীল হঠাৎ সন্ধানহীন হৈ পৰে। পুত্ৰৰ খবৰ নোপোৱাত চিন্তিত হৈ পৰে নীলৰ মাক গৌৰী আচাৰ্য। ছচিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ নীলৰ নিৰুদ্দেশৰ খবৰ প্ৰকাশ কৰে। সেই পোষ্টটোত গৌৰী আচাৰ্যই কয়- ‘তেওঁলোকৰ পুত্ৰ নীল আচাৰ্য ২৮ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁ আমেৰিকাৰ পাৰ্ডু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। কেব চালকে তেওঁক শেষবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত নমাই দিছিল। তাৰ পিছত নীলৰ সৈতে যোগাযোগ হোৱা নাই।’ চিকাগোত থকা ভাৰতীয় কনছুলেট জেনেৰেলে সেই পোষ্টটো দেখি নীলক বিচাৰিবলৈ আৰম্ভ কৰে। দূতাৱাসে সকলো সহায়ৰ আশ্বাস দিয়ে। অৱশ্যে পাৰ্ডু বিশ্ববিদ্যালয়ে সোমবাৰে নীলৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে। আৰক্ষী সূত্ৰৰ মতে, সোমবাৰে বিয়লি বিশ্ববিদ্যালয় চৌহদৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গৈ নীলৰ মৃতদেহ চিনাক্ত কৰে। মৃতদেহটোৰ সৈতে তেওঁৰ পৰিচয় পত্ৰও উদ্ধাৰ কৰা হৈছে। অৱশ্যে নীলৰ মৃত্যু কেনেকৈ হ’ল, সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

You might also like