নিজৰ প্ৰাণ গ’লেও ৬০জনৰ প্ৰাণ বচালে ড্ৰাইভাৰ শ্বেখ আখতাৰে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ পুৱা খালী পথটোৰে বাছ এখন লৰালৰিকৈ গৈ আছে। গন্তব্যস্থান পাঞ্চলিংগেশ্বৰ মন্দিৰ। তাত বহু ভকত আছে। বুকুত হঠাৎ চোকা বিষ। হয়তো তেওঁৰ আগজাননী এটা আছিল যে মহাবিপদ আহিবলৈ ওলাইছে। সেয়ে ৰাস্তাৰ এফালে বাছখন ৰখাই দিলে। পিছৰ মুহূৰ্তত অজ্ঞান হৈ পৰা। হাস্পতাললৈ নিয়াৰ সময়ত সকলো শেষ হৈ গ’ল। কিন্তু মৃত্যুৰ পূৰ্বে বাছ চালকজনে ৬০জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰে। আজি পুৱা ওড়িশাৰ বালেশ্বৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, পশ্চিমবংগৰ পৰা ওড়িশাৰ পাঞ্চলিংগেশ্বৰ মন্দিৰলৈ গৈ থকা বাছখনে ৬০জন তীৰ্থযাত্ৰীক লৈ আহিছিল। বালেশ্বৰ জিলাত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে ড্ৰাইভাৰ শ্বেখ আখতাৰে বুকুত তীব্ৰ বিষ অনুভৱ কৰে। কেনেবাকৈ বাছখন ৰখাই দিয়ে যদিও অলপ পিছতে তেওঁ চেতনা হেৰুৱাই পেলালে। তেওঁৰ অৱস্থা দেখি আতংকিত হৈ পৰে যাত্ৰীসকল। স্থানীয় ৰাইজ তেওঁলোকৰ চিঞৰ-বাখৰত লৰালৰিকৈ ওলাই আহিল। আখতাৰক উদ্ধাৰ কৰি নীলগিৰি মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। অমিত দাস নামৰ এজন যাত্ৰীয়ে জনোৱা মতে, হঠাৎ অসুস্থ হৈ পৰাত চালকজনে বাছখন ৰখাই দিয়ে। গাড়ীখন ৰাস্তাৰ কাষত ৰৈ দিয়াৰ লগে লগে তেওঁ অজ্ঞান হৈ পৰিল। স্থানীয় ৰাইজৰ সহায়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বচাব পৰা নাই। চিকিৎসকে জনোৱা মতে, হৃদযন্ত্ৰৰ বিকলতাৰ বাবে তেওঁৰ মৃত্যু হয়। কিন্তু তেওঁ বাচি নাথাকিলেও ৬০জন লোকৰ প্ৰাণ ৰক্ষা কৰিলে।