নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-ভূটান সীমান্তৰ দৰংগাত সোণৰ বিস্কুটসহ নগদ ধন জব্দ এছএছবিৰ

বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : ভাৰত-ভূটান সীমান্তৰ দৰংগাত ৬৪ নং এছএছবি  বেটেলিয়নে এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয়। বেটেলিয়নটোৰ অধিনায়ক কানহাইয়া সিঙে এক গোপন খৱৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং সোণ, লক্ষাধিক নগদ ধনসহ তিনিজন ভাৰতীয় চোৰাং সোণৰ ব্যৱসায়িক আটক কৰে।  ধৃত চোৰাং ব্যৱসায়ী কেইজনৰ পৰা ১০৩ টা  বিস্কুটৰ সোণৰ আকাৰত প্ৰায় ০২ কিলো ৬০ গ্ৰাম সোণ জব্দ কৰে।  যাৰ আনুমানিক মূল্য প্ৰায় ১.৩ কোটি টকা।  ইয়াৰ উপৰি  ১,১২,৬০০ টকা  আৰু ২৭০৫টা বিদেশী মুদ্ৰা জব্দ কৰে। ধৃত চোৰাং ব্যৱসায়ীসকলে ভুটানৰ সীমান্ত পাৰ হৈ মুম্বাইলৈ চোৰাং সোণ কঢ়িয়াই নিয়াৰ চেষ্টা চলাইছিল। ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এক কিলোমিটাৰৰ ভিতৰত ৬৪নং বেটেলিয়ন এছ এছ বিৰ দৰংগা বৰ্ডাৰ ইন্টাৰেকচন টিম (বি আই টি)ৰ সমীপত সংঘটিত হোৱা এই অভিযানত ৬৪নং এচ এচ বি বেটেলিয়নৰ ডেপুটি কমাণ্ডেণ্ট প্ৰশান্ত গৌতম, সহকাৰী কামাণ্ডেণ্ট  দেৱন সিং  প্ৰত্যক্ষ ভাৱে জড়িত আছিল।

প্ৰেৰক নয়নমণি ওজা

You might also like