নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাসঘাতকতা কৰা প্ৰাক্তন সদস্যই ছাত্ৰ সন্থাৰ সত্ত্বাক প্ৰতিনিধিত্ব নকৰে : সমুজ্জ্বল ভট্টাচাৰ্য

🔹 দীপাংক নাথে বিজেপিত যোগদান কৰা কাৰ্য ছাত্ৰ সন্থাৰ সত্তা-আদৰ্শৰ প্ৰতি চৰম বিশ্বাসঘাতকতা : ভট্টাচাৰ্য

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : ‘সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক নাথে বিজেপিত যোগদান কৰা কাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ সত্তা, আদৰ্শ আৰু দৰ্শনৰ প্ৰতি চৰম বিশ্বাসঘাতকতা।’- এই মন্তব্য আগবঢ়ায় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই। তেওঁ কয়- ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে দীপাংক কুমাৰ নাথে আলোচনা কৰি বিজেপিলৈ যোৱা কথা-বতৰাবোৰ একেবাৰে মিছা কথা। এই কথা সদৌ অসম ছাত্ৰ সন্থাৰ কোনো বিষয়ববীয়াই নাজানিছিল। তদুপৰি তেওঁ ছাত্ৰ নেতাসকলক এই ক্ষেত্ৰত হতাশ নহ’বলৈও আহ্বান জনায় । তেওঁ কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ ৯৯ শতাংশ প্ৰাক্তন সদস্যই সমাজ সেৱাত ব্ৰতী হয় । ১ শতাংশইহে ৰাজনৈতিক দলত যোগদান কৰে। বিশ্বাসঘাতকতা কৰা এই ১ শতাংশ লোকে ছাত্ৰ সন্থাৰ সত্ত্বাক প্ৰতিনিধিত্ব নকৰে বুলিও তেওঁ কয় । দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি দেশ আৰু দেশমাতৃৰ হকে তেওঁ সেৱা আগবঢ়াই যাব বুলি অসমৰ ৰাইজক উদ্দেশ্যি তেওঁ কয়। আন এক প্ৰসংগত সমুজ্জ্বল ভট্টাচাৰ্যই কয়- ‘CAA অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকে মনা নাই আৰু নামানে । আমাৰ প্ৰশ্নৰ উত্তৰ কেন্দ্ৰীয় চৰকাৰে এতিয়াও দিব পৰা নাই ।’ কেন্দ্ৰীয় চৰকাৰলৈ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ প্ৰশ্ন- “উত্তৰ-পূৰ্বাঞ্চলৰ ILP থকা ৰাজ্যবোৰৰ ক্ষেত্ৰত যদি CAA বেয়া হয়, ষষ্ঠ অনুসূচী থকা জিলাসমূহলৈ যদি বেয়া হয়, তেন্তে বাকীবোৰলৈ কেনেকৈ ভাল হ’ব।”

You might also like