নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয় গ্রন্থগাৰলৈ শ্রেষ্ঠ গ্রন্থগাৰৰ বঁটা

🟥বঁটা গ্ৰহণ গ্ৰন্থাগাৰিক ড০ প্ৰশান্ত কুমাৰ ডেকাৰ

🟥গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত ভাৰতীয় গ্ৰন্থাগাৰ সন্থাৰ আলোচনা-চক্ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ উত্তৰ-পূর্বাঞ্চলৰ অগ্রণী শৈক্ষিক প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্রন্থগাৰে ভাৰতীয় গ্রন্থগাৰ সংস্থাৰ ২০২৩ বর্ষৰ শ্রেষ্ঠ বিশ্ববিদ্যালয় গ্রন্থগাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত চেমিনাৰ হলত আয়োজন কৰা এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনক এই বঁটা প্রদান কৰা হয়৷ সংস্থাৰ ৬৯তম বার্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্রীয় আলোচনা চক্রৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ প্রতাপ জ্যোতি সন্দিকৈ আৰু ৰাষ্ট্রীয় গ্রন্থগাৰ কলকাতাৰ সঞ্চালক প্রধান এ পি সিঙে এই বঁটা প্রদান কৰে৷ বিশ্ববিদ্যালয়খনৰ হৈ গ্রন্থাগাৰিক ড০ প্রশান্ত কুমাৰ ডেকাই বঁটা গ্রহণ কৰে৷ বঁটা গ্রহণ কৰি দিয়া ভাষণত গ্রন্থাগাৰিক ড০ ডেকাই কয় যে কৃষ্ণকান্ত সন্দিকৈ গ্রন্থগাৰ হৈছে উত্তৰ–পূর্বাঞ্চলৰ অগ্রণী গ্রন্থাগাৰ৷ য’ত ৪,৫০০ৰ অধিক পাণ্ডুলিপি, প্রায় ৩ লাখ গ্রন্থ সংৰক্ষিত হৈ আছে৷ শেহতীয়াভাৱে উপাচার্য ড০ প্রতাপ জ্যোতি সন্দিকৈৰ বিশেষ উদ্যোগত এই গ্রন্থাগাৰটোৱে ন–ৰূপ লোৱাৰ উপৰি পঢ়ুৱৈৰ সুবিধার্থে ন ন সেৱা আগবঢ়াবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে৷ ভাষণ প্রসংগত ড০ ডেকাই প্রকাশ কৰা অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রথমগৰাকী উপাচার্য স্বনামধন্য কৃষ্ণকান্ত সন্দিকৈয়ে দান কৰি যোৱা ১১টা ভাষাৰ প্রায় ৮ হাজাৰ গ্রন্থ ডিজিটাইজ কৰিবলৈ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই বঁটা গ্রহণ কৰি তেওঁ উপাচার্যৰ লগতে বিশ্ববিদ্যালয়ৰ পৰিয়ালক গ্রন্থাগাৰটো সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্রত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ আজিৰ অনুষ্ঠানতে পশ্চিমবংগৰ খড়গপুৰস্থিত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ কেন্দ্রীয় গ্রন্থাগাৰৰ গ্রন্থাগাৰিক ড০ বাবলু সূত্রধৰক শ্রেষ্ঠ গ্রন্থাগাৰিক সন্মানেৰে সন্মানিত কৰা হয়৷ একেটা অনুষ্ঠানতে মহাৰাষ্ট্রৰ কবি কুলগুৰু কালিদাস সংস্কৃত বিশ্ববিদ্যালয়ৰ গ্রন্থাগাৰিক ড০ দীপক গণেশৰাও কাপাদিক সর্বশ্রেষ্ঠ শৈক্ষিক গ্রন্থাগাৰিক বঁটা প্রদান কৰা হয়৷ ইফালে উদ্বোধনী অনুষ্ঠানটোত ভাষণ প্রদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈয়ে কয় যে সমাজৰ এক গুৰুত্বপূর্ণ প্রতিষ্ঠান হৈছে গ্রন্থাগাৰ৷ শৈশৱতে নিজৰ জন্মস্থানত উপলব্ধ ৰাজহুৱা গ্রন্থাগাৰৰ সুবিধাৰে জীৱনত লাভ কৰা উপলব্ধিৰ কথা উল্লেখ কৰি উপাচার্যগৰাকীয়ে ভাৰতীয় গ্রন্থাগাৰ সংস্থাৰ এই আন্তর্জাতিক সন্মিলনত গ্রন্থগাৰসমূহে সন্মুখীন হোৱা প্রত্যাহ্বান তথা ইয়াক অতিক্রম কৰাৰ সমাধান সূত্র উলিওৱাৰ ক্ষেত্রত ফলপ্রসূ পথ ওলাব বুলিও আশা প্রকাশ কৰে৷ ইফালে কলকাতাস্থিত ৰাষ্ট্রীয় গ্রন্থাগাৰৰ সঞ্চালকপ্রধান অধ্যাপক এ পি সিঙে ভাষণ প্রদান কৰি চৰকাৰে গ্রন্থাগাৰসমূহৰ উন্নয়নৰ বাবে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ বিগত বর্ষত শিশু আৰু প্রাপ্তবয়স্কৰ বাবে ৰাষ্ট্রীয় গ্রন্থাগাৰ স্থাপন কৰিবলৈ কেন্দ্রীয় চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে গ্রন্থাগাৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে ৫ হাজাৰ কোটি টকা অনুমোদন দিছে৷ অসমেও এইক্ষেত্রত ভাল পুঁজি লাভ কৰিছে৷ সেই অনুসৰি ৰাজ্যখনে কাম আগবঢ়াই নিছে৷ প্রতিটো গাঁও পঞ্চায়ততে এটাকৈ গ্রাম্য পুথিভঁৰাল স্থাপন কৰিবলৈ অসম চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্রদান কৰি আয়োজক সমিতিৰ সাংগঠনিক সম্পাদক অধ্যাপক সঞ্জয় কুমাৰ সিঙে কয় যে প্রথমবাৰৰ বাবে গুৱাহাটীত এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ বর্তমান সময় পৰিৱর্তনৰ সময়৷ বিভিন্ন ক্ষেত্রলৈ পৰিৱর্তন আহিছে৷ সমান্তৰালভাৱে গ্রন্থাগাৰো সলনি হৈছে৷ এই সলনিৰ লগে লগে গ্রন্থাগাৰৰ ভৱিষ্যৎ সন্দর্ভত আলোচনাৰ প্রয়োজনীয়তাৰ সন্দর্ভতো তেওঁ উনুকিয়াই৷ বিশেষকৈ কৃত্রিম বুদ্ধিমত্তা, ইণ্টাৰনেটৰ ব্যৱহাৰ আদিয়ে গ্রন্থাগাৰ ক্ষেত্রখনলৈ আনিব পৰা প্রভাৱ সন্দর্ভত আলোচনাৰ তেওঁ পোষকতা কৰে৷ উল্লেখ্য যে ভাৰতীয় গ্রন্থাগাৰ সংস্থাৰ ৬৯তম বার্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা আন্তৰাষ্ট্রীয় আলোচনা চক্রৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যৎ নির্মাণ : সক্ষমতাৰ সৃষ্টিৰ জৰিয়তে বহন ক্ষমতাৰ বাবে গ্রন্থাগাৰৰ ৰূপান্তৰ’৷ আজিৰ অনুষ্ঠানত সন্মিলনৰ সভাপতি অধ্যাপক নৰেন্দ্র লহকৰকে ধৰি বহুসংখ্যক অধ্যাপক, শিক্ষার্থীয়ে অংশগ্রহণ কৰে৷

You might also like