নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকর্তৃত্বশীল ম’হ যুঁজ বন্ধৰ নির্দেশ হাইক’ৰ্টৰ

🔹 পেটা ইণ্ডিয়াৰ আবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ফেব্রুৱাৰী : ৰাজ্যত অকর্তৃত্বশীল ম’হযুঁজ বন্ধ ৰাখিবলৈ অন্তর্ৱর্তীকালীন নির্দেশ প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ পিপল ফৰ দ্য এথিকেল ট্রিটমেণ্ট অৱ এনিমেলছ (পেটা)-এ দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই নির্দেশনা দিছে৷ লগতে বিচাৰপীঠখনে ২৫ জানুৱাৰীৰ পাছত ৰাজ্যত অনুষ্ঠিত হোৱা যিকোনো ম’হযুঁজক অবৈধ বুলি অভিহিত কৰে৷ ম’হযুঁজক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পিৰ এয়া দেখ দেশকৈ উলংঘা বুলিও উচ্চ ন্যায়ালয়ে মন্তব্য কৰে৷ ইয়াৰ বাবে উচ্চ ন্যায়ালয়ে চলিত সপ্তাহৰ শেষৰফালে নগাঁও জিলাত অনুষ্ঠিত হ’বলগীয়া ম’হ যুঁজ বন্ধ ৰাখিবলৈও সংশ্লিষ্ট জিলা আয়ুক্তক নির্দেশ দিছে৷ তদুপৰি ম’হযুঁজক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি কঠোৰভাৱে বলৱৎ কৰাৰ লগতে ৬ ফেব্রুৱাৰীৰ ভিতৰত গ্রহণ কৰা ব্যৱস্থাৱলীৰ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি আইনী মেৰপেঁচৰ বাবে ৰাজ্যত পৰম্পৰাগত ম’হযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিব পৰা নাছিল৷ শেহতীয়কৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়টোত সিদ্ধান্ত গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছিল৷ সেইমর্মে পৰম্পৰাগত ম’হযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিবলৈ কেবিনেটে অনুমোদন জনায়৷ সেইমর্মে জাৰি কৰা হয় এছ অ’ পি৷ নতুন এছ অ’ পিৰ ভিত্তিত যোৱা মাঘ বিহুত আঁহতগুৰিত ম’হযুঁজ আৰু হাজোত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হয়৷ অৱশ্যে ‘পেটা’ই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে৷ তেওঁলোকৰ মতে, এয়া জীৱ–জন্তুৰ প্রতি নিষ্ঠুৰতা৷ যাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷

You might also like