🔹 অপমানজনক মন্তব্য দৃষ্টিগোচৰ হৈছে, ইয়াৰ ওপৰত নিশ্চয় বিচাৰ-বিবেচনা কৰা হ’ব : আলফা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ফেব্রুৱাৰী : আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি সংকটৰ সন্মুখীন হৈছে মানস বৰগোহাঁই প্রসংগত সাঙোৰ খাই পৰা মানস চলিহা ৷ উল্লেখ্য যে আলফা (স্বা)ই আৰক্ষীৰ গুপ্তচৰ বুলি শেহতীয়াকৈ ধৰা পেলোৱা মানস বৰগোহাঁইক আলফা (স্বা)ৰ শিবিৰলৈ গুপ্তচৰ ৰূপে প্রেৰণ কৰিছিল মানস চলিহাই৷ মানস বৰগোহাঁয়ে ভিডিঅ’যোগে প্রকাশ কৰা এই বার্তাৰ পিছতে মানস চলিহা আলফা (স্বা)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল৷ মানস চলিহাৰ এনে বক্তব্যৰ পিছত কালি এটা বিবৃতিযোগে আলফা (স্বা)ই সমগ্র বক্তব্যৰ ওপৰত বিচাৰ–বিবেচনা কৰা হ’ব বুলি স্পষ্ট কৰে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা বিবৃতিত আলফা (স্বা)ৰ প্রচাৰ বিভাগৰ সদস্য ৰুমেল অসমে কয় যে আলফা (স্বা)ৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইৰ প্রসংগত নাম সাঙোৰ খোৱা মানস চলিহাই পৰহি তেওঁৰ ফেচবুক লাইভযোগে আলফা (স্বা)ৰ সভাপতিৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আৰু অপমানজনক মন্তব্য প্রকাশ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ ইয়াৰ ওপৰত নিশ্চয় বিচাৰ–বিবেচনা কৰা হ’ব৷ এই বিবৃতিৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে আলফা (স্বা)ৰ সভাপতি অথবা সংগঠনৰ কোনো সদস্যই মানস চলিহালৈ ফোন কৰা নাই আৰু কৰাৰ প্রয়োজনো নাই৷ মানস চলিহা যদি অসমৰ প্রশাসনৰ সৈতে জড়িত নহয়, তেন্তে মানস চলিহাই ব্যক্তিগত বাহনত অসম চৰকাৰৰ নামত নম্বৰ প্লেট কিদৰে ব্যৱহাৰ কৰিব পাৰিলে? সেই সন্দর্ভত অসম আৰক্ষীয়ে এইপর্যন্ত কোনো ব্যৱস্থা কিয় গ্রহণ কৰা নাই? আনহাতে, মানস চলিহা যদি অসম আৰক্ষীৰ কোনো নহয়, তেন্তে নিজৰ লগত দুটাকৈ মাৰণাস্ত্র মজুত কৰাৰ অপৰাধত চলিহাক গ্রেপ্তাৰ কৰি প্রকৃত সত্য উদ্ঘাটন নকৰি মানস চলিহাক ৰক্ষণাবেক্ষণহে দিয়া হৈছে কিয়? এনেবোৰ বিষয়ে প্রমাণ কৰে যে আলফা (স্বা)ৰ শিবিৰত চোৰাংচোৱাগিৰি কৰিবলৈ মানস বৰগোহাঁইক প্রেৰণ কৰাত মানস চলিহাৰ সমান্তৰালকৈ একাংশ অসম আৰক্ষীও ওতপ্রোতভাৱে জড়িত হৈ আছে৷ মন কৰিবলগীয়া যে মানস বৰগোহাঁইক আলফা (স্বা)ই বন্দী কৰাৰ পিছতে সাঙোৰ খাই পৰিছিল মানস চলিহাৰ নাম৷ মানস বৰগোহাঁয়ে তেওঁক গুপ্তচৰগিৰি কৰিবলৈ মানস চলিহাই প্রেৰণ কৰা বুলি উল্লেখ কৰাৰ পিছতে বিতর্কত সোমাই পৰিছে মানস চলিহা নামৰ যুৱকজন৷ মানস বৰগোহাঁইৰ এনে বক্তব্যৰ পিছতে পৰহি ফেচবুক লাইভযোগে মানস চলিহাই পৰেশ বৰুৱাক উদ্দেশ্যি এইবুলি উল্লেখ কৰিছিল যে আপোনাৰ সংগ্রামক মই থুই পেলাওঁ৷ আপুনি অসমীয়া জাতিক তললৈ নিছে৷ মোৰ পৰিয়ালৰ ওপৰত কোনোবাই আক্রমণ কৰিলে হাবিত থকা আলফা (স্বা)ৰ মুৰব্বী পৰেশ বৰুৱা জগৰীয়া হ’ব৷ মানস চলিহাই ৰ’ বা আৰক্ষীৰ লোক নহয় বুলিও ফেচবুক লাইভত স্পষ্ট কৰিছিল৷ এই প্রতিক্রিয়াৰ পিছতে কালি আলফা (স্বা)ই মানস চলিহাক উভতি ধৰি প্রকাশ কৰা বিবৃতিয়ে স্বাভাৱিকতে বিষয়টোক লৈ যথেষ্ট চর্চাৰ সৃষ্টি কৰিছে৷