নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত চম্পাই ছোৰেনৰ

🔹 প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেন ৫ দিনৰ ইডিৰ জিম্মাত

বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : ঝাৰখণ্ডৰ উত্তাল ৰাজনীতিৰ অৱশেষত যৱনিকা পৰিল৷ ভূমি কেলেংকাৰি গোচৰত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে গ্রেপ্তাৰ কৰাৰ পিছত হেমন্ত ছোৰেনে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী পদ ত্যাগ কৰাৰ পিছত অস্থিৰ হৈ থকা ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ অৱসান ঘটাই আজি চম্পাই ছোৰেনে মুখ্যমন্ত্রীৰ শপতগ্রহণ কৰে৷ জেএমএমৰ মুৰব্বী শিবু ছোৰেনৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত চম্পাই ছোৰেনে আজি মুখ্যমন্ত্রী পদৰ শপত গ্রহণ কৰাৰ লগতে জ্যেষ্ঠ কংগ্রেছী নেতা আলমগীৰ আলম আৰু আৰজেডি নেতা সত্যানন্দ ভক্তাই কেবিনেট মন্ত্রী হিচাপে শপত গ্রহণ কৰে৷ ১৯৯০ চনত পৃথক ঝাৰখণ্ড ৰাজ্যৰ বাবে সংগ্রাম চলোৱা ঝাৰখণ্ডৰ বাঘ হিচাপে জনাজাত চম্পাই ছোৰেনে আজি শপত গ্রহণ কৰাৰ লগে লগে তেওঁ হৈ পৰিল ৰাজ্যখনৰ দ্বাদশগৰাকী মুখ্যমন্ত্রী৷ জেএমএমৰ মুৰব্বী শিবু ছোৰেনৰ ঘনিষ্ঠ চম্পাই ছোৰেন প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ চৰকাৰত পৰিবহণ মন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল৷ ইডিয়ে গ্রেপ্তাৰ কৰাৰ পিছত মুখ্যমন্ত্রী পদৰ পৰা হেমন্ত ছোৰেনে পদত্যাগ কৰাত জেএমএমৰ পৰা মুখ্যমন্ত্রী হিচাপে চম্পাই ছোৰেনৰ নাম উচ্চাৰিত হয়৷ কালি জেএমএমৰ বিধায়িনী দলৰ নেতা হিচাপে চম্পাই ছোৰেন নির্বাচিত হৈ ৰাজ্যপাল চিপি ৰাধাকৃষ্ণনক চৰকাৰ গঠনৰ দাবী জনায়৷ ৰাজ্যপালে চম্পাই ছোৰেনক আজি শপত গ্রহণ কৰিবলৈ আমন্ত্রণ জনায় আৰু সেইমর্মে আজি চম্পাই ছোৰেনে মুখ্যমন্ত্রীৰ শপত গ্রহণ কৰে৷ জেএমএম নেতৃত্বাধীন সন্মিলিত চৰকাৰখনত কংগ্রেছ আৰু আৰজেডি সহযোগী দল হিচাপে আছে৷ এনে পৰিপ্রেক্ষিততেই কংগ্রেছৰ আলমগীৰ আলম আৰু আৰজেডিৰ সত্যানন্দ ভোক্তায়ো আজি মন্ত্রিত্বৰ শপত গ্রহণ কৰে৷ ৪৭ বছৰীয়া চম্পাই ছোৰেনে ১৯৯১ চনত চৰাইকেলা বিধানসভা সমষ্টিৰ পৰা উপ–নির্বাচনত নির্দলীয় বিধায়ক হিচাপে নির্বাচিত হৈ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে৷ পৰৱর্তী সময়ত চম্পাই ছোৰেনে জেএমএমৰ প্রার্থী হিচাপে নির্বাচনত বিজয় সাব্যস্ত কৰে৷ ২০০৯, ২০১৪ আৰু ২০১৯ চনত বিধায়ক হিচাপে নির্বাচিত চম্পাই ছোৰেনে ২০১৯ চনত হেমন্ত ছোৰেন চৰকাৰৰ পৰিবহণ মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পূর্বে ২০১০ চনৰ পৰা ২০১৩ চনৰ জানুৱাৰীলৈ বিজেপি নেতৃত্বাধীন অর্জুন মুণ্ডা চৰকাৰত কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল৷ ৬৭ বছৰীয়া চম্পাই ছোৰেনে চৰকাৰী বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ কম বয়সতে বিবাহপাশত আবদ্ধ হৈছিল৷ তেওঁৰ চাৰিজন পুত্র আৰু তিনিগৰাকী কন্যা৷ ইপিনে, ভূমি কেলেংকাৰি গোচৰত ইডিয়ে গ্রেপ্তাৰ কৰা প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেনক পাঁচ দিনৰ ইডিৰ জিম্মালৈ প্রেৰণ কৰা হৈছে৷ ইডিয়ে প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেনক ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে পাঁচ দিনৰ জিম্মাতহে দিয়ে৷ পাঁচ দিন জিম্মাত ৰখাৰ পিছত কাৰাগাৰতেই হেমন্ত ছোৰেনক সোধা–পোছাৰ অনুমতি দিয়া হৈছে ইডিক৷ আনহাতে, ইডিৰ গ্রেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত হেমন্ত ছোৰেনে জনোৱা আবেদন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে৷ ইডিৰ গ্রেপ্তাৰৰ বিৰুদ্ধে জনোৱা আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে হেমন্ত ছোৰেনক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ নির্দেশ দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না, এম এম সুন্দ্রেশ আৰু বেলা এম ত্রিবেদীৰ বিশেষ বিচাৰপীঠে প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ আবেদনৰ শুনানি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ নির্দেশ দিয়ে৷

You might also like