🔹 জাতি গঠনত সাহিত্য সভাৰ ভূমিকাক বুজি নাপায় বৰ্তমানৰ প্ৰজন্মই : মৃণালিনী দেৱী
🔹 সাহিত্য সভাই ৰাজ্যৰ পৰিধি ভাঙি এক গৰিমাময় খ্যাতি অৰ্জনেৰে অসমীয়া জাতিসত্তাক উজ্জীৱিত কৰি তুলিছে : নৰেশ কলিতা
🔹 ‘নিউজ লাইভ‘ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনক লক্ষ্মীনাথ তামুলী ফুকন সাংবাদিকতা বঁটা
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ বাৰপূজীয়াত চলি থকা একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনা বৰ্ণিল শোভাযাত্ৰাই মুগ্ধ কৰিলে সহস্ৰাধিকক ৷ আজি পুৱা এঘাৰ বজাত অসম সাহিত্য সভাৰ সভাপতিক লৈ উলিওৱা হয় এক বৰ্ণিল শোভাযাত্ৰা ৷ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক পৰিচয়েৰে উজ্জীৱিত শোভাযাত্ৰাটিয়ে প্ৰায় পাঁচ কিলোমিটাৰ পৰিভ্ৰমী পাঁচোৰজা ক্ষেত্ৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ আকৰ্ষণীয় এই শোভাযাত্ৰা উদ্বোধন কৰে আদৰণী সমিতিৰ সভাপতি হেমন্ত দেউৰীয়ে ৷ ইয়াৰ পিছতেই অনুষ্ঠিত হয় বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি সোঁৱৰণী প্ৰথম মুকলি সভা ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰা মুকলি সভাত আদৰণী ভাষণ পাঠ কৰে আদৰণী সমিতিৰ সভাপতি হেমন্ত দেউৰীয়ে ৷ ড° সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ওড়িশাৰ সংস্কৃত পণ্ডিত ড° সম্পদানন্দ মিশ্ৰ ৷ বিশিষ্ট অতিথি হিচাপে যোগদান কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে নিজৰ ভাষণত কয়- ‘নৱপ্ৰজন্মক সাহিত্য সভাৰ যিদৰে প্ৰয়োজন, ঠিক সেইদৰে সাহিত্য সভাখনো নৱপ্ৰজন্মৰ বাবে প্ৰয়োজন হোৱা উচিত ৷’ তেওঁ কয়- নৱপ্ৰজন্মক উৎসাহিত বা আকৰ্ষিত কৰিব পৰাকৈ অসম সাহিত্য সভাৰ মূল সমিতিয়েই হওক বা আদৰণী সমিতিয়েই হওক কোনোধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা নাপাওঁ ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়- আজি নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে অসম সাহিত্য সভাৰ ফালে সম্পূৰ্ণ উদাসীন হোৱা দেখা যায় ৷ গতিকে অসম সাহিত্য সভা কি অথবা জাতি গঠনত ইয়াৰ ভূমিকা কি, তাক বৰ্তমান প্ৰজন্মই বুজি নাপায় ৷ তেনেস্থলত অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে হাত সাবটি বহি থাকি নিজৰ পদবীৰ অহং ভাব প্ৰদৰ্শন কৰি থাকিলে নহ’ব ৷ অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে এনে অৱস্থাত নিজৰ পদবীটোৰ লোভ-মোহ ত্য়াগ কৰি অসম সাহিত্য সভাৰ হেৰোৱা ভাবমূৰ্তি উদ্ধাৰ কৰিবলৈ যত্নপৰ হোৱা উচিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ পুনৰ কয়- সাম্প্ৰতিক সময়ছোৱাত আটাইতকৈ বেছি চৰ্চা হোৱা দেখা গৈছে যে নতুন প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে ঘটি অহা নৈতিকতাৰ স্খলন আৰু মূল্য-কৰ্তব্যবোধৰ অভাৱ ৷ কিন্তু আমি জনা উচিত- কায়িক দুখ-কষ্ট, অশেষ যত্ন, চেষ্টা তথা চিন্তশীল ধ্যান-ধাৰণা, সৃষ্টিশীল সাধনা, ঐকান্তিক প্ৰচেষ্টা আৰু আত্মজ্ঞানসমৃদ্ধ গুণ আৰু ত্যাগৰ বিনিময়ত আমাৰ অসমীয়া জাতি প্ৰেৰণাৰ উৎস তথা জাতীয় সাহিত্য, কলাকৃষ্টি, ভাষা-সংস্কৃতিৰ অমূল্য ভেটিত অসম সাহিত্য সভাই জন্মলাভ কৰিছিল ৷ বৰ্তমান সময়ত আমি অসমীয়াখিনিয়ে সেই কথাখিনি হৃদয়ংগম কৰিবলৈ অলপমানো সক্ষম হ’ব পৰা নাই বুলি খেদ প্ৰকাশ কৰে ৷ আনহাতে, লেখিকাগৰাকীয়ে ৰামচন্দ্ৰৰ জীৱন সম্পৰ্কেও বক্তব্য আগবঢ়াই ৰামচন্দ্ৰই সমাজৰ মহৎ কৰ্ম সাধনৰ বাবে নিজক গভীৰভাৱে ব্ৰতী কৰি ৰাখি পত্নী সীতাৰ পিছে পিছে ঘূৰি নুফুৰি এক মহান আদৰ্শ আমাৰ আগত ৰাখি থৈ যোৱাৰ যি অনুপম দৃষ্টান্ত, সেয়া আমাৰ সকলোৱে ইতিবাচক দিশ হিচাপে গ্ৰহণ কৰা প্ৰয়োজন বুলিও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ সভাত ড° গিৰীশ সন্দিকৈ, নাহেন্দ্ৰ পাদুন, কনক চন্দ্ৰ শৰ্মা, ড° হেমন্ত কুমাৰ বৰুৱা, ড° জগদীশ পাটগিৰি, পদুম ৰাজখোৱা, যাদৱ চন্দ্ৰ শৰ্মাৰ উপৰি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰদান কৰে ৷
পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় বিশিষ্ট সাংবাদিক কনক চন্দ্ৰ ডেকা সোঁৱৰণী সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা আৰু ‘দৈনিক অসম‘ কাকতৰ সহযোগী সম্পাদক বেদব্ৰত মিশ্ৰই ৷ নিজৰ ভাষণত ‘নিয়মীয়া বাৰ্তা‘ কাকতৰ সম্পাদক নৰেশ কলিতাই কয়- বৰ্তমান সময়ত সাহিত্য সভাই নিজ ৰাজ্যৰ পৰিধি ভাঙি নিজৰ স্থান অধিকাৰ কৰি এক গৰিমাময় খ্যাতি অৰ্জন কৰি অসমীয়া জাতিসত্তাক উজ্জীৱিত কৰি তুলিছে ৷ অসম সাহিত্য সভাৰ এনে গৌৰৱময় গাথাই অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ কৰি এখন পতাকাৰ তলত সমৱেত হোৱাৰ বিৰল দৃষ্টান্ত দাঙি ধৰিছে বুলি মন্তব্য কৰাৰ লগতে কলিতাই ভাষা জননীৰ সেৱা কৰিবলৈ আজিৰ প্ৰজন্মক আহ্বান জনায় ৷ সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত ‘নিউজ লাইভ‘ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনক অসম সাহিত্য সভাৰ লক্ষ্মীনাথ তামুলী ফুকন সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ৷
জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধিক অসম সাহিত্য সভাৰ কীৰ্তিনাথ হাজৰিকা বঁটা প্ৰদান কৰাৰ লগতে অসম সাহিত্য সভাই নগাঁৱৰ ভাস্কৰজ্যোতি মেধি, গোৱালপাৰাৰ চৈয়দ ৰবিউল হক, বৰপেটাৰ মহম্মদ চায়েদ আলী, বজালীৰ হীৰেন কলিতা, দৰঙৰ লক্ষীনন্দন কলিতা, ওদালগুৰিৰ গুণজিৎ দাস, বিহপুৰীয়াৰ জগত বৰা, শোণিতপুৰৰ শশীভূষণ শৰ্মা, হোজাইৰ মনীষ তামুলী ফুকন, গোৰেশ্বৰৰ বাপুৰাম বড়ো, গোসাঁইগাঁৱৰ ৰুবুল পাঠক, ধুবুৰীৰ মহম্মদ মেহতাব উদ্দিন আহমেদ, হাটশিঙিমাৰীৰ চাহজাহান আলী, সোণাপুৰৰ বিকাশ দাস, হাইলাকান্দিৰ তিলক ৰঞ্জন দাস, কৰিমগঞ্জৰ চৈয়দ মজিদ আহমেদ, শিলচৰৰ গৌতম তালুকদাৰ, হাফলঙৰ পংকজ দেৱনাথ, বৰমাৰ তপন ডেকা, হাজোৰ দীপক দাস, কামৰূপৰ ৰূপক ডেকা, ধেমাজিৰ প্ৰেমানন্দ তালুকদাৰ, চাপৰৰ তিলক প্ৰসাদ, গোলাঘাটৰ দীপেন দত্ত, যোৰহাটৰ নৱজ্যোতি বৰুৱা, তিনিচুকীয়াৰ অৰ্জুন বৰুৱা, মৰিগাঁৱৰ পৱনজ্যোতি ডেকাৰ উপৰি গুবাহাটীস্থ প্ৰাগ নিউজৰ নৱনীতা কলিতা, ফটো সাংবাদিকদ্বয় ক্ৰমে গীতিকা তালুকদাৰ আৰু দিব্যজ্যোতি ৰাভা, জাৰ্নেলিষ্ট বাৰ্তাৰ প্ৰভাত শৰ্মা, মুখ্য ভিডিঅ‘ সাংবাদিক কমল ৰয়, জ্যেষ্ঠ সাংবাদিক মণ্টু কুমাৰ শইকীয়াক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে ৷