নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ১২ আসন দখলৰ লক্ষ্যৰে ক’ৰ কমিটীত প্রধানমন্ত্রী

🔹 মোদীৰ উপস্থিতিত কইনাধৰাত লোকসভাৰ ৰণকৌশল

🔹 বৈঠকত নির্বাচনী প্রস্তুতিৰ খতিয়ান দাঙি ধৰিলে ৰাজ্যিক বিজেপিয়ে

ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ফেব্রুৱাৰী : লোকসভা নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ ১১,৬০০ কোটি টকাৰ বহুকেইটা প্রকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাসৰ বাবে কালি দুদিনীয়া কার্যসূচীৰে অসম ভ্রমণলৈ আহিছে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ৰাজ্যবাসীৰ বিপুল আদৰণি আৰু সম্ভাষণৰ মাজেৰে গুৱাহাটীত উপস্থিত হৈয়েই মোদীয়ে কালি কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ বিজেপি দলৰ ক’ৰ কমিটীৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্র ৰাজু, ৰাজ্যিক বিজেপিৰ তিনি সাধাৰণ সম্পাদক পুলক গোহাঁই, দিপ্লুৰঞ্জন শর্মা, পল্লৱ লোচন দাস, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে৷ বৈঠকখনত মূলতঃ আসন্ন লোকসভা নির্বাচনক লৈ ৰাজ্যৰ বিজেপি দল বর্তমান কিধৰণে সাজু হৈছে আৰু সমাগত নির্বাচনত ১৪খন আসনৰ ভিতৰত ১২খন দখল কৰাৰ ক্ষেত্রত কেনেদৰে কার্যক্ষেত্রত অগ্রসৰ হৈছে, সেই বিষয়ে ক’ৰ কমিটীৰ তৰফৰ পৰা প্রধানমন্ত্রী মোদীক বিস্তৃতভাৱে অৱগত কৰায় বুলি জানিব পৰা গৈছে৷ তদুপৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকক চৰকাৰে কেনেদৰে স্পর্শ কৰিব পাৰিছে, সেই বিষয়েও প্রধানমন্ত্রীক ক’ৰ কমিটীয়ে অৱগত কৰায়৷ যিকোনো মুহূর্তত লোকসভা নির্বাচনত অৱতীর্ণ হ’ব পৰাকৈ অসমত এতিয়া বিজেপি যে এক অপ্রতিৰোধ্য শক্তি, সেই সম্পর্কতো প্রধানমন্ত্রী মোদীক অৱগত কৰায়৷ মন কৰিবলগীয়া এয়ে যে লোকসভা নির্বাচনৰ অধিসূচনা জাৰি হ’বলৈ সন্মুখত মাত্র এক–ডেৰ মাহ বাকী থকা অৱস্থাত প্রধানমন্ত্রী মোদীৰ অসম আগমনে বিজেপি দলৰ লগতে বিজেপি মিত্র দলক যথেষ্ট উৎসাহিত কৰি তুলিছে৷ ইয়াৰ বিপৰীতে নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিৰোধী শিবিৰত বিৰাজ কৰিছে নিস্তেজ পৰিৱেশ৷ বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে কংগ্রেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চও ভাঙোনৰ দিশত গতি কৰিছে৷ কংগ্রেছ দিশহাৰা হোৱাৰ সময়তে বিজেপিয়ে প্রধানমন্ত্রী মোদীৰ উপস্থিতিত লোকসভা নির্বাচনত ১২খন আসন দখলৰ বাবে যুগুতোৱা ৰণনীতিক লৈ আলোচনাত মিলিত হোৱা ঘটনা অসমৰ ৰাজনৈতিক ক্ষেত্রখনৰ বাবে অতি তাৎপর্যপূর্ণ বুলিব পাৰি৷

You might also like