নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কবি দেৱপ্ৰসাদ তালুকদাৰ-শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসলৈ গজালি বঁটা 

বৰকুৰিহাৰ পাগলাদিয়াৰ পাৰত গজালিৰ একাদশ বৰ্ষপূৰ্তি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : কবিতাই সমাজ পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু সমাজ পৰিৱৰ্তনত সহায় কৰিব পাৰে। অসমীয়া কবিতা অন্তৰ্মুখী। -এই মন্তব্য বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰৰ। আজি নলবাৰীৰ বগলচ ৰোড চ’কৰ পৰা প্ৰকাশিত জেপ কাব্যালোচনী গজালিৰ একাদশ বৰ্ষপূৰ্তি অনুষ্ঠান, বটা প্ৰদান আৰু কবি সন্মিলনত তেওঁ এইদৰে কয়। বৰভাগৰ  বৰকুৰিহা গংগাপুখুৰীপাৰৰ পূৱ দিশৰ পাগলাদিয়া পাৰৰ বালিচাপৰিত অনুষ্ঠিত অনুষ্ঠানটোত  ধনেশ্বৰী দেৱী স্মৃতি গজালি কাব্য বঁটা গ্ৰহণ কৰি তালুকদাৰে আৰু কয়, কবিতাৰ বাবে নতুনচামে কলম হাতত তুলি লোৱাটো সমাজৰ বাবে শুভলক্ষণ। গজালি কাব্যালোচনীৰ সম্পাদক শংকৰ শৰ্মাই আঁত ধৰা আৰু ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তীয়ে সহযোগ কৰা বৰ্ষপূৰ্তি উপলক্ষে  কবি সন্মিলন,বঁটা প্ৰদান আৰু সম্বৰ্ধনা  অনুষ্ঠানত  সঞ্চালনা কৰে বিশিষ্ট নাট্যকাৰ  তথা সাহিত্যিক নৱৰত্ন পাটোৱাৰীয়ে। কবি  সন্মিলনখন উদ্বোধন কৰে কবি বিপুল কুমাৰ দত্তই। সমবেত সংগীতেৰে আৰম্ভ হোৱা  অনুষ্ঠানত শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসক  ৰুহুনী দত্ত স্মৃতি গজালি শিশু সাহিত্য বঁটা প্ৰদান কৰে। বঁটা গ্ৰহণ কৰি দাসে কয়, শিশু সাহিত্য লিখাটো সহজ কথা নহয়। সেয়েহে কিজানি শিশু সাহিত্য চৰ্চা কৰা লেখক অসমত আঙুলিৰ মূৰত লেখিব পৰা অৱস্থাতে আছে। দুয়োজন  বঁটাপ্ৰাপকক গামোচা, জাপি, স্মাৰক, মানপত্ৰ, গ্ৰন্থৰ টোপোলা, নগদ ধন প্ৰদান কৰা হয়।  অনুষ্ঠানত কবি কমল কুমাৰ জৈন,  পুলকেশ ৰায়বৰুৱা, দিপালিমা দত্ত, কাব্যশ্ৰী বৰপাত্ৰ, কমলজিৎ কলিতা, বনশ্ৰী চৌধুৰী, নিৰুপমা হালৈ, প্ৰণীতা হালৈ, দিলীপ ভট্টাচাৰ্য, ডাঃ ৰাতুল দাস, তুলিকা লহকৰ, কমল কুমাৰ দাস, অজয় বসুমতাৰী, জিমিৰেখা শৰ্মা, নিবেদিতা ডিম্পল, সাৰদা ডেকা, ৰোজী সাউদ  আদিৰ লগতে ভালেমান নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানত  গীতিকা কলিতাৰ লোকগীতে সকলোকে মুগ্ধ কৰে। ইয়াৰ পূৰ্বে বিশিষ্ট কবি বিপুল কুমাৰ দত্ত, বীৰেন দত্ত আৰু লাৱণ্য নাথে  শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে গজালিৰ একাদশ বৰ্ষপূৰ্তিৰ এঘাৰ গছি বন্তি প্ৰজ্বলন কৰে  কবি, কন্ঠশিল্পী, সমাজ সেৱিকা, অধ্যাপক ক্ৰমে ডঃ শিখামনি শৰ্মা, দিপালীমা দত্ত, নিৰুপমা হালৈ, নৱমল্লিকা দেউৰী ডেকা, সাৰদা ডেকা, চুনুমা বৈশ্য, নিবেদিতা ডিম্পল, বনশ্ৰী চৌধুৰী, তুলিকা লহকৰ আৰু জেচিকা ৰাজে। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী  প্ৰণীতা হালৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ
You might also like