নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : এই মহঙা দিনত এটকাত এসাঁজ পোৱাটো কিবা সপোন সপোন লগা কথা। কিন্তু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে হোজাইৰ কেইজন মান যুৱকে। তেওঁলোকে আৰম্ভ কৰা প্ৰতি ৰবি বাৰে এটকাত এসাঁজৰ আজি পঞ্চাশতম সপ্তাহত ভৰি দিলে। ব্যৱসায়িক চহৰ হিচাপে খ্যাত হোজাইৰ কিছু কৰ্ম ব্যস্ত যুৱকে আৰম্ভ কৰা এই পদক্ষেপৰ আজি পঞ্চাশ তম সপ্তাহ উপলক্ষ্যে আজি দুপৰীয়া হোজাই পুৰণা বজাৰৰ উৰণীয়া সেতুৰ তলত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। হোজাইৰ কেইজন মান যুৱকে বিগত প্ৰায় এটা বছৰ পূৰ্বে সংকল্প নামেৰে আৰম্ভ কৰা এক বেচৰকাৰী সংস্থাৰ জৰিয়তে প্ৰতি দেও বাৰে এটকাত এসাঁজ নামৰ এক ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ কৰে। নিজৰ গাথিৰ ধনেৰে আৰম্ভ কৰি সংকল্প নামৰ বেচৰকাৰী সংস্থা গঠন কৰি চলাই থকা এই সংস্থাৰ এই আঁচনিৰ পঞ্চাশ তম সপ্তাহৰ অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধি, শিক্ষাবিদ প্ৰমোদ দাস, কমল দত্ত, তুলিকা গগৈ গোহাঁই, ৰাজীৱ গুপ, বিশাল ভট্টাচাৰ্য, শ্বপ্না ভৌমিক, দেবব্ৰত সাহা আদিয়ে। তেওঁলোকে সংকল্পৰ এই পদক্ষেপক আদৰণি জনায়। আৰম্ভণিতে অতিথি সকলক আদৰণি জনোৱা হয় আৰু তাৰ পিছত এটকীয়া খাদ্য প্ৰদান কৰা হয়। আজিৰ এই বিশেষ অনুষ্ঠানত প্ৰায় ন শতাধিক দুখীয়া দৰিদ্ৰ তথা বিশেষ ভাৱে সক্ষম লোকে সংকল্পৰ এই সেৱা গ্ৰহণ কৰে। হোজাইৰ যুৱ প্ৰজন্মই দুখীয়া নিচলাসকলৰ বাবে আৰম্ভ কৰা এই আঁচনিখনৰ আজি পঞ্চাশ সপ্তাহ পুৰ কৰাত উক্ত সংস্থাৰ কৰ্মকৰ্তা সকল উৎফুল্লিত হৈ পৰে। উল্লেখ্য যে, এই সংস্থাৰ সদস্যসকলে নিজে ধন ব্যয় কৰি দুখীয়া, নিছলা, বিকলাংগসকলক এদিন খাদ্য যোগান ধৰাৰ উপৰি বিগত সময়ত বিনামূলীয়া ৰক্ত দান, গছপুলি ৰোপন আদিৰ দৰে জনকল্যাণমূলক কাম আহিছে।
প্ৰেৰক কিশলয় দেৱগোস্বামী