নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত কাইলৈ ২০২২ৰ এপিএছচি উত্তীর্ণৰ নথি পৰীক্ষা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ফেব্ৰুৱাৰীঃ এপিএছচিৰ ২০২২ বর্ষৰ মূল পৰীক্ষাত উত্তীর্ণ হোৱা এপিএছ প্রার্থীলৈ বিশেষ নির্দেশনা দিছে ৰাজ্যৰ গৃহ বিভাগে৷ ৬৫ এপিএছ প্রার্থীক কাইলৈ জনতা ভৱনৰ কনফাৰেন্স হলত উপস্থিত হোৱাৰ নির্দেশ দিয়া হৈছে৷ মুখ্যতঃ উত্তীর্ণ হোৱা প্রার্থীসকলৰ নথি পৰীক্ষাৰ বাবে জাৰি কৰা এই নির্দেশনা অনুসৰি কাইলৈ ১১টা বজাত ৩৩গৰাকী প্রার্থীয়ে আৰু ১ বজাত ৩২গৰাকী প্রার্থীয়ে জনতা ভৱনৰ কনফাৰেন্স হলত উপস্থিত থাকিব লাগিব৷ গৃহ বিভাগৰ নির্দেশনা অনুসৰি কালিলৈ প্রার্থীসকলে তেওঁলোকৰ শিক্ষাগত অর্হতাৰ বিভিন্ন প্রমাণ-পত্রৰ লগতে জন্মৰ প্রমাণ-পত্রও আনিব লাগিব৷ নথি পৰীক্ষণৰ বাবে উপস্থিত হ’বলগা আটাইকেইজন প্রার্থীৰ কালি নথিপত্র পৰীক্ষা কৰা হ’ব৷ গৃহ বিভাগক প্রার্থীসকলে জমা দিব লাগিব শিক্ষাৰ বিভিন্ন প্রমাণ-পত্র, মার্কশ্বীট আৰু নথিসমূহ৷ তদুপৰি এপিএছ পোৱাৰ পূর্বে কোনো প্রার্থীয়ে যদি অইন চাকৰিত মকৰল হৈ আছে, তেনে চাকৰিৰ পৰা আঁতৰি অহাৰ নথি-পত্রও জমা দিব লাগিব৷ অর্থাৎ পূর্বৰ সেৱাৰ পৰা মুকলি কৰি দিয়া প্রমাণ-পত্র কাইলৈ গৃহ বিভাগক জমা দিব লাগিব প্রার্থীসকলে৷

You might also like