১১২গৰাকী নিৰীহৰ প্ৰাণ ল’লে বনজুয়ে
🔹 দাওদাওকৈ জ্বলিছে চিলিৰ ভালপাৰাইছো অঞ্চল
🔹 এদিনতে ৬ সহস্রাধিক বাসগৃহ ভস্মীভূত
বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : ভয়াৱহ বনজুইৰ কবলত পৰিছে লেটিন আমেৰিকান ৰাষ্ট্র চিলিৰ ভালপাৰাইছো অঞ্চল৷ স্থানীয় প্রশাসনে সদৰী কৰা অনুসৰি, বিধ্বংসী বনজুয়ে বহু আৱাসিক অঞ্চল গ্রাস কৰিছে৷ বনজুইৰ ফলত কমপক্ষেও ১১২গৰাকী লোকৰ মৃত্যু হৈছে বুলি প্রশাসনৰ সূত্রই সদৰী কৰিছে৷ ৰাষ্ট্রপতি গেব্রিয়েল বৰিচে ইতিমধ্যে ৰাষ্ট্রীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ বনজুই নিয়ন্ত্রণ কৰিবলৈ সকলো প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে সংশ্লিষ্ট বিভাগসমূহে৷ চিলিৰ ইতিহাসত এই বনজুইৰ বিভীষিকা আটাইতকৈ ভয়ংকৰ বুলি চিহ্ণিত হৈছে৷ উল্লেখনীয় যে উপকূলীয় অঞ্চলত অৱসৰ বিনোদন কটাবলৈ যোৱা বহু লোক বনজুইত আক্রান্ত হৈছে৷ স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰাও ভালপাৰাইছো অঞ্চলত জাৰি কৰা হৈছে জৰুৰী অৱস্থা৷ বিভিন্ন স্থানত অস্থায়ী হাস্পতাল স্থাপন কৰা হৈছে বনজুইত আক্রান্ত লোকসকলৰ চিকিৎসাৰ বাবে৷ আনকি অতি জৰুৰী বুলি বিবেচনা নোহোৱা অস্ত্রোপচাৰ বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে হাস্পতালসমূহত৷ চিকিৎসা বিজ্ঞানৰ অন্তিম বর্ষৰ শিক্ষার্থীসকলকো বনজুইত আক্রান্ত লোকসকলৰ চিকিৎসাৰ বাবে মোতায়েন কৰা হৈছে৷ ইফালে, চিলিৰ এই ভয়াৱহ বনজুইৰ ঘটনাৰ সময়তে প্রতিৱেশী বিভিন্ন ৰাষ্ট্রই দেশখনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ দেশখনৰ গৃহমন্ত্রী কেৰোলিনা টোহাই সংবাদ সংস্থা বি বি চিক জনোৱা অনুসৰি, মৃত্যু হোৱা লোকৰ সংখ্যা কেইবাশলৈও বৃদ্ধি পোৱাৰ আশংকা আছে৷ কাৰণ এতিয়াও বহু লোক সন্ধানহীন হৈ আছে যদিও তেওঁলোকৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা হোৱা নাই৷ গৃহ মন্ত্রণালয়ৰ তথ্যত প্রকাশ পোৱা অনুসৰি এই বনজুইৰ ফলত ৭ সহস্রাধিক বাসগৃহ পুৰি ছাই হয়৷ ইয়াৰ বাসিন্দাসকলে বিভিন্ন স্থানলৈ পলায়ন কৰে যদিও ঘটনাস্থলীতে বহু লোকৰ মৃত্যু হৈছে৷ সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি, অতি কম সময়ৰ ভিতৰতে বিস্তীর্ণ অঞ্চল বনজুয়ে গ্রাস কৰিছে৷ গতিকে ইয়াৰ বাসিন্দাসকলে নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ সুযোগ পোৱা নাই৷ ভালপাৰাইছো অঞ্চলৰ বিভিন্ন স্থানত নিৰাপত্তাৰ বাবে সান্ধ্য আইনো জাৰি কৰা হৈছে৷