নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয় শ্ৰীৰাম ধ্বনি দিয়াত বালিপৰাত শিক্ষকে পিটিলে ছাত্ৰক

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : শোণিতপুৰৰ বালিপৰা খেলমাটিস্থিত কলভাৰী ইংলিছ স্কুল নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। বিদ্যালয়খনৰ এজন শিক্ষকে এজন ছাত্ৰই জয় শ্ৰীৰাম ধ্বনি দিয়াৰ বাবেই শাস্তি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি। অভিযোগ অনুসৰি, বিদ্যালয়খনত অধ্যয়নৰত এজন ছাত্ৰই বিদ্যালয়ত জয় শ্ৰীৰামৰ ধ্বনি দিয়াত খঙত অগ্নিশৰ্মাই হৈ পৰে বিদ্যালয়খনৰ এজন ভণ্ড শিক্ষক। শিক্ষকজনে ছাত্ৰজনক কিয় এনেদৰে ধ্বনি দিব বুলি কৈ শাৰীৰিক শাস্তি বিহাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰতো হাজিৰ কৰোৱাই বিভিন্ন কথাৰে তিৰস্কাৰ কৰে। ঘটনা সন্দৰ্ভত মানসিকভাৱে ভাগি পৰা কণমানি ছাত্ৰজনে পৰিয়ালৰ লোকক অৱগত কৰাত পিছত বিদ্যালয়খনত পৰিয়ালৰ লোক, সংগঠনৰ বিষয়ববীয়া, ৰাইজ উপস্থিত হৈ ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত তথা ধৰ্মনিৰপেক্ষ অনুষ্ঠান বিদ্যালয়ত কিয় এজন ছাত্ৰক জয় শ্ৰীৰাম কোৱাৰ বাবে শাস্তি প্ৰদান কৰা হৈছে বুলি জবাবদিহি কৰি বিদ্যালয়ৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে । একাংশ লোকে বিদ্যালয়খনৰ এনে ধৰ্মবিদ্বেষ আচৰণক গৰিহণা দি বিদ্যালয়খন বন্ধ কৰি দিবলৈও দাবী জনায়। অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষই নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰা বুলি আন এক অভিযোগ ৰাইজৰ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like