নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

🔹 নগাঁৱত মুঠ ভোটাৰৰ সংখ্যা ১৩ লাখ ১২ হাজাৰ ১৪৪গৰাকী

বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে আজি নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫৫নং ধিং বিধানসভা সমষ্টি, ৫৬নং ৰূপহীহাট, ৫৮নং চামগুৰি, ৫৯নং বঢ়মপুৰ, ৬০নং নগাঁও-বটদ্ৰৱা আৰু ৬১নং ৰহা বিধানসভা সমষ্টিৰ বাবে ১ জানুৱাৰী ২০২৪ক ভিত্তিবৰ্ষ হিচাপে লৈ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে। নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে অনুষ্ঠিত এখন সংবাদ মেলত কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে এই ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। সভাত নিৰ্বাচন বিষয়া মৌচম প্ৰতিম নাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়াকে ধৰি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এই চূড়ান্ত ভোটাৰ তালিকাখন বিধানসভা সমষ্টি অনুযায়ী সংশ্লিষ্ট নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু বুথ পৰ্যায়ৰ বিষয়াৰ কাৰ্যালয়ত কাৰ্যালয় খোলা থকা সময়ত উপলব্ধ হ’ব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আজি প্ৰকাশিত ভোটাৰ তালিকা অনুসৰি নগাঁও নিৰ্বাচন জিলাত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা ১৩ লাখ ১২ হাজাৰ ১৪৪গৰাকী। ইয়াৰে ৬ লাখ ৫৭ হাজাৰ ৭৬৮জন পুৰুষ ভোটাৰ, ৬ লাখ ৫৪ হাজাৰ ২৯৮গৰাকী মহিলা ভোটাৰ আৰু ৭৪জন তৃতীয় লিংগৰ ভোটাৰ আছে।

প্ৰেৰক কনক হাজৰিকা

You might also like