নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা নিৰ্বাচনী জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা,  ৮ ফেব্ৰুৱাৰী : পহিলা জানুৱাৰী ২০২৪ক ভিত্তি হিচাপে লৈ আজি প্ৰকাশ পালে সমগ্ৰ অসমৰ লগতে ৭৭নং ঢকুৱাখনা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত নতুন সমষ্টিৰ নতুন ভোটাৰ তালিকাক লৈ বৃহস্পতিবাৰে সংবাদ মেল সম্বোধন কৰে ঢকুৱাখনা উপ-জিলাৰ জিলা নিৰ্বাচনী বিষয়া কাৰ্তিক কলিতাই। উপ-আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা সংবাদ মেলত উপ-আয়ুক্ত কাৰ্তিক কলিতা আৰু ঢকুৱাখনা উপ-জিলাৰ নিৰ্বাচনী বিষয়া পাৰ্থপ্ৰতিম বৰুৱাই সদৰী কৰা তথ্য অনুসৰি, ঢকুৱাখনা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৭৭নং ঢকুৱাখনা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৬০ হাজাৰ ৪৭৮গৰাকী। ইয়াৰে ৮০ হাজাৰ ৭৯৫গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৭৯ হাজাৰ ৬৯২গৰাকী। উল্লেখ্য যে ঢকুৱাখনা নিৰ্বাচনী জিলাৰ খচৰা ভোটাৰ তালিকাতকৈ চূড়ান্ত ভোটাৰ তালিকাত ৩৮গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ পূৰ্বে যোৱা ২৬ ডিচেম্বৰ ২০২৪ত জাৰি কৰা খচৰা ভোটাৰ তালিকাত মুঠ ১,৬০,৪৪৯গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিল। সেইমতে, ঢকুৱাখনা নিৰ্বাচনী জিলাৰ চূড়ান্ত ভোটাৰ তালিকাত এইবাৰ ভোটাৰৰ সংখ্যা বৃদ্ধিৰ হাৰ হৈছে ০.০২ শতাংশ। মুঠ ১৯৮টা ভোটকেন্দ্ৰবিশিষ্ট সমষ্টিটোত ৪ হাজাৰ ৩৭৮গৰাকী নতুন ভোটাৰ সংযোজন হোৱাৰ বিপৰীতে ৪,৩৪০গৰাকী ভোটাৰ বিলুপ্ত কৰা হৈছে। উপ-জিলা আয়ুক্ত আৰু মহকুমা নিৰ্বাচনী বিষয়াই জনোৱা মতে, ভোটাৰৰ কিবা সংযোজন থাকিলে সংশ্লিষ্ট বি এল অ’ অথবা ভোটাৰ এপযোগে নাম অন্তৰ্ভুক্তি কৰিব পাৰিব। সমষ্টিটোৰ সকলো ৰাজনৈতিক দলক এই প্ৰক্ৰিয়াটোৰ সৈতে সক্ৰিয়ভাৱে সহযোহিতা কৰাৰ আহ্বান জনায়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like