নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ

🔹 বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত মুখৰিত নগাঁৱৰ আকাশ-বতাহ

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰী : নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ উপলক্ষে শুকুৰবাৰে ছাত্ৰীসকলৰ দ্বাৰা মহাবিদ্যালয় চৌহদৰ পৰা চহৰখনৰ মাজেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

শোভাযাত্ৰাত ছাত্ৰীসকলে বিহু, বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণ, সমাজত প্ৰচলিত বিভিন্ন ব্যাধি, পৰম্পৰাগত খেল-ধেমালি, বিভিন্ন শিল্পকলা আদি প্ৰদৰ্শন কৰে। ৰেলীত পাঁচ শতাধিক ছাত্ৰীয়ে অসমৰ বিভিন্ন জনজাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like