নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : মৰিগাঁও সমষ্টিত নতুনকৈ সংযোজিত বিজেপিৰ নৱগঠিত কুশতলী-নিজ গেৰুৱা মণ্ডল সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি কুশতলীত অনুষ্ঠিত হয়।পূৰ্বৰ লাহৰীঘাট সমষ্টিৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত নৱগঠিত মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে নৱনিৰ্বাচিত মণ্ডল সভাপতি ৰাজেন সেনাপতিয়ে। মৰিগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা কাৰ্যকৰী সভাখনত নৱগঠিত মণ্ডল সমিতিৰ বিষয়ববীয়া আৰু সদস্য সদস্যাসকল উপস্থিত থাকে।উল্লেখ্য যে নিৰ্বাচনী আয়োগে গঠন কৰা সমষ্টি পুন নিৰ্ধাৰণৰ ফলত মৰিগাঁও সমষ্টিত নতুনকৈ সংযোজিত হোৱাত লাহৰীঘাট সমষ্টিৰ পূৰ্বৰ কুশতলী আৰু নিজ গেৰুৱা মণ্ডল বিজেপি সমিতি দুখনক এখন কৰি কুশতলী-নিজ গেৰুৱা মণ্ডল সমিতি হিচাপে গঠন কৰা হয়। আজিৰ এই সভাখনত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি, চৰকাৰৰ বিভিন্ন উন্নয়ন মূলক আঁচনি, দলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰা আদিকে ধৰি বহু কেইটা বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হয়।
প্ৰেৰক আবুল কালাম